/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/jyoti.jpg)
ডিজিটেল ডেস্ক : অসমৰ চ্চলচিত্ৰ নিৰ্মাতা সকলৰ বাবে সু খবৰ। কিয়নো জ্যোতি চিত্ৰবনত মুকলি কৰা হ'ল অডিঅ'-ভিডিঅ' হাব। অসমত বহু চ্চলচিত্ৰ বৰ্তমানলৈ নিৰ্মাণ হৈছে যদিও ইয়াৰ প্ৰায়ভাগ কাম মুম্বাইত গৈ কৰিব লগীয়া হয় পৰিচালকসকলে। কিন্তু এতিয়াৰে পৰা মুম্বাইলৈ যাব নালাগে।
কিয়নো জ্যোতি চিত্ৰবনত ১০ কোটি টকা ব্যয়বহুল অডিঅ'- ভিজুৱেল হাব মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই হাবৰ ফলত এতিয়াৰে পৰা পোষ্ট প্ৰডাকশ্যনৰ বাবে চলচ্চিত্র নিৰ্মাতা সকল যাব নালাগে মুম্বাইলৈ। 'অসমত চ্চলচিত্ৰ নিৰ্মাণৰ প্ৰয়োজনীয়তা আছে। অসমৰ বাহিৰেও বাহিৰৰ বলীউড, তামিল আদি চ্চলচিত্ৰ উদ্যোগী আহি জ্যোতিচিত্ৰবনত পোষ্ট প্ৰডাকশ্যনৰ কাম কৰিব পাৰিব।' জ্যোতি চিত্ৰবনত অডিঅ-ভিজুৱেল হাব উদ্বোধন কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
ইয়াৰ উপৰিও অনাগত দিনত এটা অত্যাধুনিক প্ৰেক্ষাগৃহ নিৰ্মান কৰাৰ পৰিকল্পনা হাতত লৈছে ৰাজ্য চৰকাৰে। প্ৰায় ১৫০০ মানুহ বহিব পৰা প্ৰেক্ষাগৃহ নিৰ্মাণ হ'ব জ্যোতি চিত্ৰবনত।