মানকাচৰৰ নতুন ফেকামাৰীত কিশোৰ ন্যায় বিচাৰ বোৰ্ডৰ শুভ উদ্ধোধন

মানকাচৰৰ নতুন ফেকামাৰীত কিশোৰ ন্যায় বিচাৰ বোৰ্ডৰ শুভ উদ্ধোধন

author-image
asomiyapratidin
New Update
মানকাচৰৰ নতুন ফেকামাৰীত কিশোৰ ন্যায় বিচাৰ বোৰ্ডৰ শুভ উদ্ধোধন

ডিজিটেল সংবাদ,মানাকচৰ : দক্ষিণ শালমাৰা মানাকচৰ জিলাৰ নতুন ফেকামাৰীত বুধবাৰে কিশোৰ ন্যায় বিচাৰ বোৰ্ডৰ শুভ উদ্ধোধন কৰা হয়। হাটশিঙিমাৰী জিলা উপাযুক্ত পল্লৱী সৰকাৰে উক্ত কিশোৰ ন্যায়বিচাৰ বোৰ্ডৰ শুভ উদ্ধোধন কৰে।

এই অনুষ্ঠানত জিলা আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোনোৱাল, জিলা সত্ৰ ন্যায়াধীশ, হাটশিঙিমাৰী উকীল সন্থাৰ সভাপতি, সম্পাদক সহ অধিবক্তা সকল উপস্থিত থাকে। আজিৰে পৰা এই কিশোৰ ন্যায়বিচাৰ বৰ্ডৰ কাম কাজ আৰম্ভ কৰা হয়।

১৮ বছৰৰ তলৰ কিশোৰ সকল অপৰাধ কৰিলে তেওঁলোকৰ বিচাৰ প্ৰক্ৰিয়া এই কিশোৰ ন্যায়বিচাৰ বৰ্ডাৰ জৰিয়তে কৰা হ'ব। জিলা খনত বৰ্তমানে প্ৰায় ডেৰ শতাধিক কিশোৰ গোচৰ পঞ্জীয়ন হৈ আছে বুলি জানিব পৰা গৈছে।

আৰু পঢ়ক: ডিব্রুগড় জ্যেষ্ঠ ফেক্টৰী পৰিদৰ্শকক চাকৰিৰ পৰা নিলম্বন

assam mankachar