আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান; জুৰীয়াত জব্দ বুজন পৰিমাণৰ ড্রাগছ...

এইবাৰ জুৰীয়া আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান। অভিযানত পৃথক পৃথক স্থানৰ পৰা গ্রেপ্তাৰ দুই ড্রাগছ সৰবৰাহকাৰী।

author-image
Asomiya Pratidin
New Update
আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান; জুৰীয়াত জব্দ বুজন পৰিমাণৰ ড্রাগছ...

প্ৰতীকি ফটো

ডিজিটেল ডেস্ক : সমগ্ৰ অসমতেই অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। এইবাৰ জুৰীয়া আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান। অভিযানত পৃথক পৃথক স্থানৰ পৰা গ্রেপ্তাৰ দুই ড্রাগছ সৰবৰাহকাৰী।

Advertisment

সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে বুজন পৰিমাণৰ ড্রাগছ। হাফিজুল ৰহমান নামৰ এজনৰ পৰা ১১টা কণ্টেইনাৰসহ ১৯ গ্রাম ড্রাগছ জব্দ কৰিছে আৰক্ষীয়ে। আনহাতে ছাবিনা বেগমৰ পৰা ১০টা কণ্টেইনাৰসহ ১২ গ্রাম ড্রাগছ জব্দ কৰিছে।

উল্লেখ্য, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উদ্ধাৰ হৈয়ে আছে নিষিদ্ধ ড্ৰাগছ। মঙলবাৰৰ দিনটোত ৰাজ্যৰ কেইবাটাও স্থানৰ লগতে লামডিঙৰ পৰা উদ্ধাৰ কৰা হৈছিল বৃহৎ পৰিমাণৰ ড্ৰাগছ।

Also Read: অমিত শ্বাহৰ আগমণত মহানগৰীত মানিব লাগিব পথ নিৰ্দেশনা...

Assam police