/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/56910216_396679974247465_3562012284916072448_n.jpg)
ডিজিটেল ডেস্কঃ আৰক্ষীৰ ওপৰত গোচৰ তৰিলে গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জোনমণি দেৱী খাউণ্ডে। মানৱ অধিকাৰ আয়োগ আৰু দণ্ডান্যায়াধীশৰ ওচৰত প্ৰাৰ্থী গৰাকীয়ে আৰক্ষীৰ ওপৰত মানৱ অধিকাৰ উলংঘনৰ অভিযোগ তুলি এই গোচৰ ৰুজু কৰে। প্ৰাপ্ত খবৰ অনুসৰি, যোৱা শুকুৰবাৰে চয়গাঁৱ আৰক্ষী চকীৰ অন্তৰ্গত গৰৈমাৰী অঞ্চলত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এখন নিৰ্বাচনী সভা সম্বোধন কৰিছিল। সেই সভাতে 'কেব'ক সমৰ্থন জনোৱাৰ বাবে দুজনলোকে মুখ্যমন্ত্ৰী সোণোৱালক প্ৰদৰ্শন কৰিছিল কলা পতাকা। ইয়াৰ পাছতে লাগে হুৱা দুৱা। কলা পতাকা প্ৰদৰ্শন কৰা চাহেবা আহমেদ আৰু তপন তালুকদাৰ নামৰ দুজনক ছয়গাঁৱ আৰক্ষীয়ে আটক কৰে। নিৰ্দলীয় প্ৰাৰ্থী গৰাকীয়ে অভিযোগ কৰা মতে- একাংশ বিজেপি সমৰ্থকৰ সহযোগত চয়গাঁৱ আৰক্ষী থানাই ওৰে নিশা আটক কৰা লোক দুজনক ইখনৰ পাছত সিখন থানালৈ ঘূৰাই নিৰ্যাতন চলায়।' লোক দুজনৰ স্বাহ্যৰ অৱনতি ঘটাৰ পাছতো আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থাগ্ৰহণ নকৰাৰ অভিযোগ তোলে খাউণ্ডে। ইয়াৰ পাছতে নিৰ্দলীয় প্ৰাৰ্থী গৰাকীয়ে ছয়গাঁৱ আৰক্ষী চকী, কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক তথা আৰক্ষী মহা প্ৰৱন্ধক, অসমৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ মানৱ অধিকাৰ আয়োগত এখন আবেদন দাখিল কৰে
জোনমণি দেৱী খাউণ্ডে দাখিল কৰা আবেদন ঃ
প্ৰতি,
অধ্যক্ষ মানৱ অধিকাৰ আয়োগ, অসম
বিষয় :- মানৱ অধিকাৰ ভংগ হোৱাৰ অভিযোগ ।
মহোদয়,
যোৱা কালি ছয়গাঁৱ আৰক্ষী চকী অন্তৰ্গত গৰৈমাৰী অঞ্চলত মুখ্যমন্ত্ৰী মহোদয়ে অংশগ্ৰহণ কৰা এখন ৰাজহুৱা নিৰ্বাচনী সভাত মোৰ সতীৰ্থ চাহেবা আহমেদে অংশগ্ৰহণ কৰিছিল । আৰু তেখেতে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি অসমত হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰিব বুলি ঘোষণা কৰোঁতে তাৰ প্ৰতিবাদত সতীৰ্থজনে কেইগৰাকীমান সমৰ্থক সহ ক'লা পতাকা প্ৰদৰ্শন কৰিছিল । উক্ত ঘটনাৰ পাছত বিজেপি দলৰ সমৰ্থকৰ সহযোগত ছয়গাঁৱ আৰক্ষী থানাৰ একাংশ পুলিচে মোৰ সতীৰ্থ চাহেবা আহমেদক গটিয়াই ভুকুৱাই চুচৰাই আনি অত্যাচাৰ কৰে । তাৰপাছত থানালৈ লৈ আহি মোৰ সতীৰ্থ গৰাকীৰ বিৰুদ্ধে কি গোচৰ ৰুজো হৈছে সেই বিষয়ে একো অৱগত নকৰাকৈ কেইবা ঘন্টাও থানাত আটক কৰি ৰাখে । তাৰ পাছতো একো নজনোৱাকৈ মোৰ সতীৰ্থ গৰাকীক টানি আজুৰি পলাশবাৰী থানালৈ লৈ যায় । ছয়গাঁৱ থানাই মেডিকেল কৰাওতে সতীৰ্থ গৰাকীৰ হাই বি পি ২২০/১০০ পাইছিল । ডাক্তৰে ঔষধৰ নাম লিখি দিছিল যদিও থানাৰ বিষয়ববীয়াই সেই ঔষধ যোগান ধৰা নাছিল । তাৰ পাছত পলাশবাৰী থানালৈ টানি আজিৰ লৈ যায় । পলাশবাৰী থানাতো এটুপাল পানীও খাবলৈ নিদিয়াকৈ দুই তিনি ঘন্টা বহুৱাই ৰাখে । তাৰ পাছত পুনৰ টনা আজুৰা কৰি ছয়গাঁৱ থানালৈ লৈ আহে । তাত ৰাতি ১১-৩০ বজালৈকে বহুৱাই ৰাখে আৰু খাদ্য পানী ঔষধ একো খাবলৈ নিদিয়ে । সেই সময়ত থানাত আহি উপস্থিত হোৱা সতীৰ্থ সকলৰ হেঁচাত চিকিৎসা প্ৰদানৰ নামত মিৰ্জা হস্পিতেললৈ থানাৰ জিপ গাড়ীত তুলি লৈ যায় । আমি এম্বোলেন্চ সেৱা বিচাৰিছিলো যদিও থানাই কোনো এম্বোলেন্ছ ব্যৱস্থা নকৰিলে । কিন্তু সেই সময়লৈকে মোৰ সতীৰ্থ গৰাকীৰ বিৰুদ্ধে কি গোচৰ ৰুজো হৈছে সেই বিষয়ে ছয়গাঁৱ আৰক্ষী চকীৰ আৰক্ষী বিষয়া সকলে একো তথ্য নজনালে । মিৰ্জা হস্পিতেলৰ পৰা জি এম চি এইচলৈ প্ৰেৰণ কৰি দিয়া হয় যদিও এইবাৰো আৰক্ষীয়ে কোনো এম্বোলেন্চ যোগাৰ নকৰিলে । এইদৰে ছয়গাঁৱ আৰক্ষী চকীৰ বিষয়ববীয়া সকলে আইনী অধিকাৰ আৰু মানৱ অধিকাৰ উলঙ্ঘন কৰিছে । সেয়েহে এই বিষয়ত গোচৰ ৰুজো কৰি ছয়গাঁৱ আৰক্ষী চকী , কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক তথা আৰক্ষী মহা প্ৰৱন্ধক অসমৰ ওপৰত বিহীত ব্যৱস্থা লবলৈ অনুৰোধ জনালো ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us