কংগ্ৰেছৰ দিনত অসম দিল্লীৰ পৰা বহুদূৰ আছিল...

কোকৰাঝাৰত বিৰোধীক তীব্ৰ কটাক্ষ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ
কংগ্ৰেছৰ দিনত অসম দিল্লীৰ পৰা বহুদূৰ আছিল...

ডিজিটেল ডেস্কঃ কোকৰঝাৰ গ্ৰীণ ফিল্ডত বিশাল জনসভাত অংশ লৈ বিৰোধীক তীব্ৰ কটাক্ষ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই। বিশাল জনতাৰ সমাৱেশ দেখি নড্ডাই অসমত বিজেপি জিকিবই বুলি আত্মবিশ্বাসেৰে ভাষণ আৰম্ভ কৰে।

নড্ডাই লগতে কয় যে, এটা সময়ত হত্যা-হিংসা আৰু ধ্বংসাত্মক পৰিৱেশ, প্ৰতিবাদৰ বাবে জনা গৈছিল। কংগ্ৰেছে এই কাৰ্যসমূহত হাত উজান দিছিল। কিন্তু মোডী ডাঙৰীয়াৰ সবল নেতৃত্ব আৰু অমিত শ্বাহৰ অন্তঃমুখী চিন্তা-ধাৰণাই বড়ো শান্তি চুক্তি সম্পাদন কৰি শান্তিৰ নিজৰা বোৱাই আনিলে।‘

বড়োভূমিলৈ শান্তি নিজৰা বোৱাই অনাৰ ক্ষেত্ৰত প্ৰমোদ বড়োৰ বিশেষ ভূমিকা আছে বুলি উল্লেখ কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে কয়- বিহুৰ এই পৱিত্ৰ ক্ষণত আপোনালোক সকলোকে মই শুভেচ্ছা জনাইছো। লগতে মই জনাব বিচাৰিছো যে, বড়োলেণ্ড শান্তি চুক্তিৰ ভিত্তিত এই অঞ্চলৰ বাবে ১৫০০কোটি টকাৰ পেকেজ ঘোষণা কৰিছে। এই পেকেজ এই অঞ্চলটোৰ বিকাশ আৰু উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হব।

নড্ডাই লগতে কয়, আজি মই জনাবলৈ পাই সুখী হৈছো যে, উত্তৰ-পূবৰ প্ৰায় ৭০শতাংশ অঞ্চল AFSPAৰ পৰা মুক্ত হৈছে। কেতিয়াও হয়তো এইবোৰ কথা বিৰোধীয়ে ভাৱিবই পৰা নাছিল। মই সাংবাদিকসকলক এইবোৰ কথা উদঙাই দিবলৈ আহ্বান জনাম। বেয়া দিনৰ কথা যদি মনত নাৰাখে ভাল দিনৰ মহত্ত্ব মানুহে বুজি নাপায়। 

 কংগ্ৰেছৰ নেতাসকলে মানুহক কেৱল অন্ধকাৰত ৰাখিব জানে। জনতাৰ কথাত গুৰুত্ব নিদিয়ে কংগ্ৰেছ। কংগ্ৰেছ এই নীতিতেই চলে। কেৱল বিভেদকামী মনোভাৱক প্ৰাধান্য দিয়া কংগ্ৰেছৰ অপশাসনৰ পৰা উদ্ধাৰ কৰি মোডী চৰকাৰে সকলোকে একতাৰ ডোলেৰে বান্ধিলে।– এইদৰে কয় নড্ডাই।

কংগ্ৰেছৰ দিনৰ দিল্লী বহুদূৰ আছিল অসমৰ বাবে। আজি মোডী ডাঙৰীয়াৰ নেতৃত্বত দিল্লীৰ বাট চমু হৈছে। এই কথাটো আমি সকলোৱে বুজি পোৱা উচিত। উত্তৰ-পূবক প্ৰধানমন্ত্ৰীয়ে হৃদয়ৰ পৰা ভাল পায়। বিগত ১০বছৰত ৭০বাৰ উত্তৰ-পূবলৈ আহিছে প্ৰধানমন্ত্ৰী। কোনো প্ৰধানমন্ত্ৰীয়ে পূৰ্বে ইমান সংখ্যক বাৰ উত্তৰ-পূবলৈ অহা নাছিল। আমাৰ কেন্দ্ৰীয় মন্ত্ৰীসকল উত্তৰ পূবলৈ বিগত ১০বছৰত ৬৮০বাৰ উত্তৰ-পূব ভ্ৰমণ কৰিছে।

উল্লেখ কৰা প্ৰয়োজন যে, দিনজোৰা কাৰ্যসূচীৰে অসমলৈ অহা জে পি নড্ডাই কেইবাখনো প্ৰচাৰ সভাত অংশ লব।  

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in