উত্তৰ-পূৰ্বাঞ্চল সাংবাদিক ফ'ৰামৰ সমন্বয়ক হিচাপে নিযুক্তি মুকুট ৰাজ শৰ্মাক

সাংবাদিক সকলৰ কল্যাণ আৰু অধিকাৰৰ হকে দীৰ্ঘদিনে সংগ্ৰাম কৰি অহা মঙলদৈ প্ৰেছ ক্লাবৰ উপ-সভাপতি তথা অসম বাৰ্তাজীৱী সংঘৰ সাধাৰণ সম্পাদক শৰ্মা।

author-image
Asomiya Pratidin
New Update
উত্তৰ-পূৰ্বাঞ্চল সাংবাদিক ফ'ৰামৰ সমন্বয়ক হিচাপে নিযুক্তি মুকুট ৰাজ শৰ্মাক

ডিজিটেল সংবাদ, মঙলদৈঃ মুকুট ৰাজ শৰ্মাক উত্তৰ পূৰ্বাঞ্চল সাংবাদিক ফ'ৰামৰ সমন্বয়ক হিচাপে নিযুক্তি।সাংবাদিক সকলৰ কল্যাণ আৰু অধিকাৰৰ হকে দীৰ্ঘদিনে সংগ্ৰাম কৰি অহা মঙলদৈ প্ৰেছ ক্লাবৰ উপ-সভাপতি তথা অসম বাৰ্তাজীৱী সংঘৰ সাধাৰণ সম্পাদক শৰ্মা।

Advertisment

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য অসম , মনিপুৰ , মেঘালয় , ত্ৰিপুৰা , নাগালেণ্ড , অৰুণাচল প্ৰদেশ , আৰু মিজোৰামৰ সমন্বয়ক হিচাপে শৰ্মাক নিযুক্তি দিয়া হৈছে শৰ্মাক। IFWJ ৰ সম্পাদক প্ৰধান পৰমানন্দ পাণ্ডেই এক পত্ৰ যোগে এই নিযুক্তি প্ৰদান কৰে।

সাংবাদিকতাৰ উপৰিও শৰ্মা জাতীয় সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ কাম কৰি আহিছে । মুকুট ৰাজ শৰ্মাক সাংবাদিক ফ'ৰামৰ উত্তৰ পূৰ্বাঞ্চলৰ সমন্বয়ক হিচাপে নিযুক্তি দিয়াত দৰঙৰ সাংবাদিক সকলৰ উপৰিও জিলা খনৰ বিভিন্ন দল সংগঠন তথা সচেতন নাগৰিকে শৰ্মাক শুভেচ্ছা জ্ঞাপন কৰে।

Also Read: "কেউফালে তেজ, নিথৰ দেহ" : সমগ্ৰ ঘটনা বৰ্ণনা কৰিলে যাত্ৰীয়ে...