/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/raju.jpg)
ডিজিটেল ডেস্ক: এচাম নবীন তথা সতীৰ্থ সাংবাদিকৰ নেৰা নেপেৰা প্ৰচেষ্ঠা আৰু আন একাংশ জ্যেষ্ঠ সাংবাদিক তথা সংবাদগোষ্ঠী ৰাজ্য চৰকাৰৰ মন্ত্ৰী, বিধায়ক ,ব্যৱসায়ী, শিল্পী আদিয়ে ইয়াৰ প্ৰতি আগবঢ়োৱা সহযোগিতাই প্ৰায় অসম্ভৱ যেন লগা সাংবাদিক গীতিকাৰ ৰাজু বৰুৱাৰ উন্নত মানৰ চিকিৎসা আৰু অস্ত্ৰো পচাৰ সম্ভৱপৰ হৈ উঠিল।
মঙলবাৰে দিনৰ পৰা নিজৰ জ্যোষ্ঠ ভাতৃৰ পৰা প্ৰাৰম্ভিক অস্ত্ৰো পচাৰেৰে সংগৃহীত লিভাৰৰ অংশ পৰৱৰ্তী সময়ত ৰাজুৰ দেহত সংৰোপিত কৰা কাৰ্য (লিভাৰ ট্ৰান্সপ্লান্ট) সন্ধিয়া প্ৰায় ৫ বজাত সফলতাৰে সম্পন্ন হয়। কেইদিনমান পূৰ্বে এনে এক পৰিস্থিতিৰ সৃষ্টি হৈছিল যি সময়ত ব্যয় বহুল এই লিভাৰ ট্ৰান্সপ্লান্টৰ অস্ত্ৰো পচাৰ দাক্ষিণাত্যৰ উন্নত চিকিৎসালয়ত সম্পন্ন কৰাৰ বিষয়টো পৰিয়ালৰ লগতে সতীৰ্থ সকলৰ বাবে অসম্ভৱ যেন লাগিছিল।
প্ৰতিভাশালী গীতিকাৰ তথা সাংবাদিক গৰাকীৰ জীৱনৰ ভৱিষ্যতে অনিশ্চয়তাৰ অন্তিম সীমাত অৱস্থান কৰিছিল। কিন্তু প্ৰথমে কেইগৰাকীমান নবীন আৰু জ্যেষ্ঠ সাংবাদিকে এটা হেল্প ফৰ ৰাজু বৰুৱা নামৰ গ্ৰুপ খুলি ইয়াৰ জৰিয়তে সাংবাদিক, চৰকাৰ তথা সংবাদগোষ্ঠী শিল্পী সমাজলৈ আহ্বান জনাইছিল। এই আহ্বানে অভূতপূৰ্ব সহাৰি লাভ কৰিবলৈ সক্ষম হয়।
ৰাজুৰ চিকিৎসাৰ বাবে সকলো যেন উবুৰি খাই পৰে। এই গ্ৰুপত ডেৰ শতাধিক জ্যেষ্ঠ, কনিষ্ঠ সাংবাদিত জড়িত হৈ নিজৰ সামৰ্থ অনুযায়ী পইচা দিবলৈ আৰম্ভ কৰাৰ লগে লগে বিভিন্ন ক্ষেত্ৰৰ লোকেও এই গ্ৰুপৰ মাধ্য়মত ৰাজুৰ জ্যেষ্ঠ ভাতৃৰ বেংক একাউন্টলৈ পোনে পোনে অথবা গোটটোৰ পৰিচালক সকলৰ মাধ্যমত এহেজাৰৰ পৰা ৫ লাখ পৰ্যন্ত নগদ ধনৰ সহায় আগবঢ়াবলৈ লয়। ইয়াৰ মাজত বিধানসভাৰ অধ্যক্ষ, মন্ত্ৰী,মুখ্যমন্ত্ৰীৰ সাহাৰ্য পূঁজি, বিধায়ক, সংবাদগোষ্ঠীৰ স্বত্বাধিকাৰ, সাংসদ, ব্যৱসায়ী , সাহিত্যিক , সমাজ শিল্পীও আছে।
ইতিমধ্যে এই সাহাৰ্যৰ ভিত্তিতেই মঙলবাৰে লিভাৰ ট্ৰান্সপ্লান্টৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত বুধবাৰে পুৱা ৰাজু বৰুৱাই দুই এটা কথা পতাৰ খবৰো আহিছে।আনহাতে অস্ত্ৰো পচাৰৰ পিছত ৰাজু সহ তেওঁক অংগ দান কৰা জ্যেষ্ঠ ভাতৃৰ পৰৱৰ্তী পৰ্যায়ৰ চিকিৎসা,ঔষধ তথা পথ্যৰ বাবে প্ৰয়োজন হ'বলগা বিষয়ৰ প্ৰতি লক্ষ্য ৰাখি এতিয়াও বহুজনে সহায়ৰ হাত আগবঢ়াই আছে।
তাৰ মাজতে প্ৰতিভাশালী সংবাদিক গৰাকীৰ স্বাস্থ্য আৰু চিকিৎসাৰ সংকটৰ বিষটোক এক নজিৰ হিচাপে লৈ ভৱিষ্যতে সকলো সাংবাদিকে নিষ্ঠাৰে বৃত্তিগত দায়িত্ব পালনৰ সমানে নিজৰ খাদ্যাভাষ আৰু সুস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰখাৰ পণ এই সময়তে লোৱাৰ পৰামৰ্শও আগবঢ়াইছে। নিশ্চিতভাৱে সেয়াও এক গুৰুত্বপূৰ্ণ আৰু মনত ৰাখিবলগীয়া বিষয়।
একে সময়তে এই কথাও সকলোৱে স্বীকাৰ কৰিছে যে এচাম নবীন প্ৰবীনৰ আন্তৰিক প্ৰয়াসে বৃহৎ সংখ্যক সাংবাদিকক এগৰাকী প্ৰতিভাৱান গীতিকাৰ, সাংবাদিকৰ ব্যয় বহুল চিকিৎসাৰ সম্ভৱপৰ কৰি তুলিবলৈ একত্ৰিত হ'ল আৰু এই সংকটকালত সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লোকৰ সহাৰি আৰু সহায় আদায় কৰিবলৈ সমৰ্থবান হ'ল সেয়াও এক নজিৰ।
আৰু পঢ়ক: অচিন ৰোগত সহস্ৰাধিক মুগাৰ অকাল মৃত্যুত দিকহাৰা ৰেচম পালক