/asomiyapratidin/media/media_files/2024/12/19/3nZB4oNf1fvIEw4OWPFG.jpg)
সাংবাদিকৰ ওপৰত আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে ৰঙিয়াত সাংবাদিকৰ প্ৰতিবাদ
ডিজিটেল সংবাদ,ৰঙিয়া: গুৱাহাটীত ৰাজনৈতিক দলৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আৰক্ষীয়ে বুধবাৰে কন্দুৱা গেছ প্ৰয়োগ কৰি আহত কৰা ঘটনাৰ আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৰঙিয়াৰ সাংবাদিকসকলে। আজি দিনত সাংবাদিক সকলে ক'লা বেজ পৰিধান কৰি এই ঘটনাৰ প্ৰতিবাদ কৰাৰ লগতে গৰিহণা দিয়ে।
তাৰোপৰি ৰঙিয়া চহৰৰ মাজমজিয়াত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সম্মুখত একত্ৰিত হৈ সাংবাদিক সকলে প্ৰতিবাদ সাব্যস্ত কৰে। সাংবাদিকসকলে হাতে হাতে বেনাৰ, পোষ্টাৰ লৈ সাংবাদিকসকলক আক্ৰমণ কৰা বন্ধ কৰক, অসম আৰক্ষীৰ বৰ্বৰতা হায় হায় ,অসমৰ বিভিন্ন জিলাত কৰ্মৰত সাংবাদিক সকলক সুৰক্ষা প্ৰদান কৰক আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।