গৰৈমাৰীত ক’লাবেজ পৰিধান কৰি সাংবাদিকৰ প্ৰতিবাদ

গৰৈমাৰীত ক’লাবেজ পৰিধান কৰি সাংবাদিকৰ প্ৰতিবাদ

ডিজিটেল সংবাদ,গৰৈমাৰী: কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীত বুধবাৰে সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে স্থানীয় জি কে এছ প্ৰেছ ক্লাবৰ উদ্যোগত ক'লাবেজ পৰিধান কৰি সাংবাদিকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷

উল্লেখ্য যে ৭ ফেব্ৰুৱাৰীৰ বিয়লি হেলমেট পৰিধান নকৰাকৈ মটৰ চাইকেল চলাই অহাৰ বাবে 'অসমীয়া প্ৰতিদিন' আৰু 'প্ৰতিদিন টাইম'ৰ সাংবাদিক জয়ন্ত দেৱনাথে এই বিষয়ে কনিষ্টবল প্ৰদীপ সাহাক প্ৰশ্ন কৰিছিল৷ সাংবাদিকৰ কথাত খৰ্গগ্ৰস্ত হৈ কনিষ্টবলজনে সাংবাদিক জয়ন্ত দেৱনাথক শাৰিৰীকভাৱে আক্ৰমণ কৰে৷

পৰৱৰ্তী সময়ত বাসুগাঁও আৰক্ষীৰ এটা দলে সাংবাদিকগৰাকীক তেওঁলোকৰ বাহনত উঠাই লৈ যাবলৈ চেষ্টা কৰাৰ সময়ত আন এজন কনিষ্টবলেও সাংবাদিকক প্ৰহাৰ কৰে৷ পিছমুহূৰ্তত ৰাজ্যখনত সাংবাদিকৰ প্ৰতিবাদত সেও মানি কনিষ্টবল দুগৰাকীক নিলম্বন কৰে৷

জানিব পৰামতে গৰৈমাৰী ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সন্মুখত বুধবাৰে জি কে এছ প্ৰেছ ক্লাবৰ সাংবাদিকসকলে সাংবাদিকৰ ওপৰত নিৰ্যাতন নচলিব, সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰক আদি শ্ল'গান দি পৰিবেশ উত্তাল কৰি তোলে৷

পৰৱৰ্তী সময়ত ৰাজ্যখনত পুলিচযন্ত্ৰৰ দ্বাৰা যাতে সাংবাদিক নিগ্ৰহ হ'বলগীয়া নহয় তথা সাংবাদিকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ দাবী জনাই জি কে এছ চমুকৈ গৰৈমাৰী-কালাতলী-সোণতলী প্ৰেছ ক্লাবৰ সভাপতি আব্দুৰ ৰহিম, সম্পাদক জমিৰ আল হাছান স্বাক্ষৰিত এখন স্মাৰকপত্ৰ গৰৈমাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অৰূপ বিৰকমীয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে৷

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in