/asomiyapratidin/media/media_files/2025/03/28/g5ero93RwUvyBRmteNYh.jpg)
ডিজিটেল ডেস্কঃ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ বিৰুদ্ধে অসম কো-অপাৰেটিভ বেংকে পাণবজাৰ আৰক্ষী থানাত ৰুজু কৰা ডকাইতিৰ গোচৰত আজি কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জামিন প্ৰদান কৰিছে। উল্লেখ্য যে, যোৱ মঙলবাৰে অসম কো-অপাৰেটিভ এপেক্স বেংকত অসম জাতীয় পৰিষদৰ ছাত্ৰ সংগঠনটোৱে বেংকত সংঘটিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়তে বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল দিলৱাৰ হুছেইন মজুমদাৰ।
সাংবাদিকতাৰ নীতি অনুসৰণ কৰিয়েই তেওঁ বেংক কৰ্তৃপক্ষৰ মন্তব্য ল’বলৈ চেষ্টা কৰাৰ পাছতে নাটকীয় ভাৱে সলনি হৈছিল গোটেই পৰিস্থিতি। বেংকৰ পৰিচালন সঞ্চালক ডম্বৰু শইকীয়াই নিজেই বেংকলৈ মন্তব্য দিবলৈ মাতি নিয়াৰ পাছত দিলৱাৰৰ বিৰুদ্ধে কেইবাটাও অভিযোগেৰে পাণবজাৰ আৰক্ষী থানাত ৰুজু কৰিছিল গোচৰ।
প্ৰথমে এগৰাকী জনজাতীয় লোকক অপমানজনক মন্তব্য কৰাৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল যদিও বুধবাৰে আদালতে তেওঁক জামিন প্ৰদান কৰে। কিন্তু সেইদিনা নিশা গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতে থাকিবলগীয়া হোৱাত পাছদিনা পাণবজাৰ আৰক্ষীয়ে পুনৰ আন এটা গোচৰত দিলৱাৰ হুছেইনক কাৰাগাৰৰ পৰাই গ্ৰেপ্তাৰ কৰে।
লক্ষ্যণীয়ভাৱে এই গোচৰ আছিল ডকাইতি সংক্ৰান্তিয়। এই গোচৰৰ কথা পাণবজাৰ আৰক্ষীয়ে মঙলবাৰে নিশা দিলৱাৰৰ অধিবক্তা, পৰিয়ালক অৱগত নকৰি লুকুৱাই ৰাখিছিল।
এপেক্স বেংকে পাণবজাৰ আৰক্ষী থানাত ৰুজু কৰা ১১১/২৫ নম্বৰৰ সেই গোচৰৰ ভিত্তিত ভাৰতীয় ন্যায় সংহিতাৰ অধীনত ৩২৯/ ৩২৪ (৪) / ৩৫১ (৩) / ৩০৯ (৪) / ১১৫ ধাৰাত বৃহস্পতিবাৰে কাৰাগাৰৰ বাহিৰৰ পৰা দিলৱাৰক গ্ৰেপ্তাৰ কৰা হৈছিল।। ইয়াৰ ৩০৯ (৪) ধাৰা আছিল জামিন অযোগ্য ধাৰা।
আজি কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে এই গোচৰত সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক ২০ হাজাৰ টকাৰ জামিন বণ্ডত জামিন প্ৰদান কৰিলে। অৱশ্যে সময় পাৰ হৈ যোৱাৰ বাবে আজিও তেওঁ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতে থাকিব লাগিব। কালিলৈহে তেওঁ মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা আছে।
লক্ষ্যণীয় ভাৱে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে জনতা ভৱনত অসম চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ ঘোষণা কৰাৰ সময়তে সাংবাদিক দিলৱাৰৰ বিৰুদ্ধে ২/৩ টা গোচৰ ৰুজু হৈ আছে আৰু প্ৰতিটো গোচৰতে তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব বুলি উল্লেখ কৰিছিল।
তাৰোপৰি তেওঁ দিলৱাৰ প্ৰকৃততে সাংবাদিক হয় নে নহয় তাক লৈয়ো প্ৰশ্ন উত্থাপন কৰি, এক্সৰ জৰিয়তে অসম আৰক্ষীয়ে কোনো সাংবাদিকক গ্ৰেপ্তাৰ কৰা নাই বুলি স্পষ্টিকৰণ দিছিল।
অৱশ্যে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাজ্যৰ সৰ্বত্ৰে সাংবাদিক, সাংবাদিক সংগঠনকে ধৰি অন্যান্য সংগঠনে তেওঁৰ গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে দেশৰো কেইবাটাও সাংবাদিক সংগঠন, প্ৰেছ ক্লাবে বিবৃতিৰ জৰিয়তে ইয়াৰ বিৰোধিতা কৰিছে।