সাংবাদিক অতুল বৰুৱাক আপোনাৰ সহায়ৰ প্ৰয়োজন…

সাংবাদিক অতুল বৰুৱাক আপোনাৰ সহায়ৰ প্ৰয়োজন…

author-image
asomiyapratidin
New Update
সাংবাদিক অতুল বৰুৱাক আপোনাৰ সহায়ৰ প্ৰয়োজন…

ডিজিটেল সংবাদ, ঢকুৱাখনা : এগৰাকী মফচলিয়া সংবাদকৰ্মী । লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ ঘিলামৰাৰ পৰা  জনতাৰ দুখ দুৰ্দশা , অভাৱ সমস্যাৰ  স'তে এক হৈ নিৰন্তৰ ভাৱে সংবাদ সেৱা আগবঢ়াই ৰজা ঘৰৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে বিগত এটা দশক ধৰি।

Advertisment

গণমুখী সাংবাদিকতাৰ জনদায়বদ্ধ নীতি আদৰ্শৰ অন্যতম ধজ্জাবাহক হোৱাৰ সমান্তৰাল ভাৱে এগৰাকী  সমাজ হিতৈষী ব্যক্তি হিচাপেও এইগৰাকী সংবাদ কৰ্মীৰ এক সুনাম আছে মফচলিয়া অঞ্চলটোত । ঘিলামৰা প্ৰেছ ক্লাৱৰ সভাপতি, লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ উত্তৰ অসম মণ্ডলৰ সম্পাদক , বৃহত্তৰ ঢকুৱাখনা ইলেকট্ৰনিক আৰু ডিজিটেল মেডিয়া ফৰামৰ  সভাপতি আদি বিভিন্ন পদত অধিষ্ঠিত এইগৰাকী আত্মোৎস্বৰ্গী  সংবাদকৰ্মীক আজি শুভানুধ্যায়ী  ৰাইজৰ এধানী মান সহায়ৰ প্ৰয়োজনীয়তা আহিছে। 

ঘিলামৰা  চিনাই গাঁওৰ বাসিন্দা এইগৰাকী সংবাদকৰ্মী হল অতুল বৰুৱা । "আমাৰ অসম" কাকতৰ ঘিলামৰাৰ সাংবাদিক  হিচাপে  সুদীর্ঘ কাল ধৰি জন সেৱা আগবঢ়াই অহা এইগৰাকী  সংবাদসেৱী বিগত এপষেক কাল ধৰি গুৱাহাটীৰ দিছ্পুৰ হস্পিটেলত  চিকিৎসাধীন হৈ আছে ।

উচ্চ মধুমেহ জনিত ৰোগত গুৰুতৰ ভাৱে আক্ৰান্ত হৈ সম্প্ৰতি  চিকিৎসাধীন অতুল বৰুৱাৰ ধাৰাবাহিক উন্নত চিকিৎসাৰ বাবে পৰিয়ালটোৰ  সন্মুখত আহি পৰিছে এক বৃহৎ  আৰ্থিক প্ৰত্যাহ্বান । পত্নী পুত্ৰ সহ সৰু পৰিয়ালটোৰ সন্মুখত  আহি পৰা এই প্ৰত্যাহ্বানৰ সতে মোকাবিলা কৰিবলৈ নিৰন্তৰ সংগ্ৰাম কৰিও যেন কৰবাত থমকি ৰ'ব লগা হৈছে পৰিয়ালটো।

এক অব্যক্ত যন্ত্ৰনাই জুমুৰী দি ধৰা বৰুৱাৰ পত্নী পুত্ৰৰ এই বিপদ কালত শুভানুধ্যায়ী সকলৰ সাধ্যনুসৰি আগবঢ়োৱা অলপমান হলেও আৰ্থিক  সহযোগিতাই অদম্য সাহস যোগান ধৰিব পাৰিব  দুৰ্ভগীয়া পৰিয়ালটোক। উচ্চ মধুমেহ ৰোগৰ লগতে  আনুসংগিক  ৰোগে পীড়া দিয়া সংবাদসেৱী অতুল বৰুৱা  সম্প্ৰতি দিছ্পুৰ হস্পিটেলৰ ষষ্ঠ মহলাৰ  ৬০৭ নং কোঠাত  চিকিৎসাধীন । চিকিৎসকৰ পৰামৰ্শ কিছু দীঘলীয়া আৰু ব্যয়বহুল হব  পাৰে  বৰুৱাৰ চিকিৎসা ।

সেয়ে ঘিলামৰাৰ দৰে পাছপৰা অঞ্চলটোৰ পৰা কেৱল সংবাদসেৱাকে জীৱনৰ ব্ৰত  কৰি শূণ্য হাতেৰে জন সেৱা আগবঢ়াই যোৱা বৰুৱাৰ ধাৰাবাহিক চিকিৎসাৰ বাবে শুভাকাংক্ষী সকলৰ আৰ্থিক সহযোগিতা  কামনা কৰা হৈছে  দুৰ্ভগীয়া পৰিয়ালৰ তৰফৰ পৰা । 

আপুনি যদি ইচ্ছুক মফচলিয়া নিঃস্ব সংবাদসেৱী বৰুৱাৰ প্ৰতি যথাসাধ্য আৰ্থিক সহযোগিতা আগবঢ়াই সুস্থ কৰি তোলাত অংশীদাৰ হবলৈ তেন্তে  বৰুৱাৰ  ভাৰতীয় ষ্টেট বেংকৰ গোগামুখ শাখাৰ  একাউণ্ট নম্বৰ 32841381593   ( SBIN0016934 ) ত  আপোনাৰ অৰ্থানুদান আগবঢ়াব পাৰে । বিশেষ প্ৰয়োজনৰ স্বাৰ্থত বৰুৱাৰ স্বাস্থ্যৰ খবৰ লবলৈ যোগাযোগ কৰিব পাৰে  6001717933 নম্বৰত। 

আৰু পঢ়ক: কাজিৰঙা ভ্ৰমণ জ্ঞানপীঠ বঁটা বিজয়ী দামোদৰ ম'জৰ

assam dhakuakhana