
ডিজিটেল সংবাদ, যোৰহাট: সৰ্বভাৰতীয় ফুটবল সন্থাৰ নিদৰ্শনাত অসম ফুটবল সন্থাৰ তত্বাৱধানত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত টীয়ক উপ-ক্ৰীড়া সন্থাৰ সহযোগত ৰজাবাৰী খেল পথাৰত অনুষ্ঠিত বি মণ্ডলৰ ১৭ বছৰ অনুৰ্ধ্ব য়ুথ ফুটবল লীগ প্ৰতিযোগিতাৰ বুধবাৰৰ চূড়ান্ত খেলত শিৱসাগৰ জিলা ক্ৰীড়া সন্থাৰ টিফুক ক'চিং চেন্টাৰে চেম্পিয়ন খিতাপ অৰ্জন কৰে। গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ বৰটিং ক'চিং চেন্টাৰক টিফুক ক'চিং চেন্টাৰে ২-১ গ'লৰ ব্যৱধানত পৰাজিত কৰে।
খেলৰ আৰম্ভণিৰ পৰাই বৰটিং ক'চিং চেন্টাৰে আক্ৰমণাত্মকভাৱে খেলি খেলৰ ৫ মিনিটতে জয়দ্বীপ নাগবংশীয়ে দিয়া এটা গ'লৰ সহায়ত ১-০ গ'লৰ অগ্ৰগতি লাভ কৰে যদিও ২৭ মিনিটত টিফুক ক'চিং চেন্টাৰ আশীষ তাঁতীয়ে এটা গ'ল দি ১-১ গ'লৰ সমতা স্থাপন কৰে। ইয়াৰ পিছত পুনৰ টিফুক ক'চিং চেন্টাৰে ৩০ মিনিটত কৰণ তাঁতীয়ে এটা গ'ল দি ২-১ গ'লৰ অগ্ৰগতি আনে। প্ৰথমাৰ্ধত পিছ পৰি ৰোৱা বৰটিং ক'চিং চেন্টাৰে দ্বিতীয়ৰ্ধত কেইবাটাও গ'ল দিয়াৰ চেষ্টা চলাই যদিও টিফুক ক'চিং চেন্টাৰ আত্মবিশ্বাসী গ'ল কিপাৰৰ বাবে গ'ল দিয়াত গোলাঘাটৰ দলটি ব্যৰ্থ হোৱাৰ ফলত পৰাজয় স্বীকাৰ কৰিবলগীয়া হয় দলটিয়ে।
উল্লেখযোগ্য যে, টীয়ক উপ-ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক মতিলাল টাইয়ে আঁতধৰা অনুষ্ঠানত মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, অসম ফুটবল সন্থাৰ উপ-সভাপতি শান্তনু পূজাৰী, অজয় ভৰালী, যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জুল খাউণ্ড, শিৱসাগৰ জিলা ক্ৰীড়া সন্থাৰ ফুটবল সম্পাদক মৃণাল চেতীয়া, সহকাৰী মেছ কমিছনাৰ প্ৰীতম বৰা, উদযাপন সমিতিৰ সভাপতি জ্যোতিষ বৰুৱাক আদৰণি জনায়।
উদযাপন সমিতিৰ সম্পাদক মিন্টু বৰুৱাই আঁতধৰা বঁটা বিতৰণী সভাত চেম্পিয়ন দল শিৱসাগৰ টিফুক ক'চিং চেন্টাৰক বঁটা প্ৰদান কৰে মৰিয়নি বিধানসভা সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু অসম ফুটবল সন্থাৰ উপ-সভাপতি শান্তনু পূজাৰীয়ে। ৰানাৰ আপ দল গোলাঘাটৰ বৰটিং ক'চিং চেন্টাৰক বঁটা প্ৰদান কৰে অসম ফুটবল সন্থাৰ উপ-সভাপতি অজয় ভৰালী আৰু যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জুল খাউণ্ডে। চূড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈ নিৰ্বাচিত হয় শিৱসাগৰ টিফুক ক'চিং চেন্টাৰৰ ৰাজ তাঁতী আৰু এই বঁটা প্ৰদান কৰে টীয়ক ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিভূতিভূষণ বড়াই। বুধবাৰৰ খেলখন পৰিচালনা কৰে মিনাৰাম দাসে।