ট্ৰেভেলাৰ চালকৰ তৎপৰতাত ৰক্ষা পৰিল নাবালিকাৰ জীৱনঃ নগদ ধনেৰে পুৰস্কৃত কৰিলে আৰক্ষী আয়ুক্ত দিগন্ত বৰাই

ট্ৰেভেলাৰ চালকৰ তৎপৰতাত ৰক্ষা পৰিল নাবালিকাৰ জীৱনঃ নগদ ধনেৰে পুৰস্কৃত কৰিলে আৰক্ষী আয়ুক্ত দিগন্ত বৰাই

author-image
Asomiya Pratidin
New Update
ট্ৰেভেলাৰ চালকৰ তৎপৰতাত ৰক্ষা পৰিল নাবালিকাৰ জীৱনঃ নগদ ধনেৰে পুৰস্কৃত কৰিলে আৰক্ষী আয়ুক্ত দিগন্ত বৰাই

ডিজিটেল সংবাদ, দেৰগাঁও: দেৰগাঁৱৰ এজন ট্ৰেভেলাৰ চালকৰ তৎপৰতা এগৰাকী নাবালিকাৰ জীৱন ৰক্ষা পৰে। চালক জনৰ নাম গোবিন্দ দাস। যোৰাহাট আৰু গুৱাহাটীৰ মাজত চলা এখন যাত্ৰীবাহি ট্ৰেভেলাৰৰ চালক গোবিন্দ দাস। দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ ১নং হাঁহচৰা গাঁৱৰ এইজন চালকৰ তৎপৰতাৰ বাবেই এগৰাকী নাবালিকাৰ জীৱন ৰক্ষা পৰাৰ ঘটনাই শেহতীয়াকৈ সকলো প্ৰংশসা আদায় কৰিবলৈ সক্ষম হৈছে।

Advertisment

উল্লেখ্য যে, যোৱা ১ চেপ্তেম্বৰত দৈনন্দিনৰ দৰেই ট্ৰেভেলাৰখনত যাত্ৰী লৈ চালকজনে যোৰহাটৰ পৰা গুৱাহাটী অভিমূখে যাত্ৰ কৰিছিল। তেনেতে নুমলীগড়ত ট্ৰেভেলাৰখনত যাত্ৰী হিচাপে উঠে এগৰাকী কিশোৰী। কিশোৰী গৰাকী উঠাৰ পাছতেই কিশোৰীগৰাকীৰ গাড়ীভাৰা কোনো অচিনাকী ব্যক্তিয়ে ইউ পি আই যোগে প্ৰদান কৰিম বুলি ফোনত চালকজনক জনায়। চালকজনে কোন বুলি প্ৰশ্ন কৰাত অচিনাকী কণ্ঠই কিশোৰী গৰাকীৰ স্বামী বুলি কয় আৰু কিশোৰী গৰাকীক প্ৰশ্ন কৰাত নিজৰ দেউতাক বুলি কয়। দুয়োৰে কথাৰ বিসংগতি দেখি সন্দেহ ওপজাত চালক গোবিন্দ দাসে কিশোৰীগৰাকীক যোৰাবাট থানাৰ আৰক্ষীৰ হাতত চমজাই দিয়ে। যাৰ ফলশ্ৰুতিত এক দুষ্টচক্ৰৰ কৱলৰ পৰা ৰক্ষা পৰে নাবালিকা কিশোৰীগৰাকী।

এই ঘটনাৰ কেইদিনমান উকলি যোৱাৰ পাছত এনে সময়োচিত কাম কৰি তৎপৰতাৰে নাবালিকা কিশোৰীগৰাকীৰ জীৱন ৰক্ষা কৰাৰ বাবে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই নগদ ধনেৰে চালক গোবিন্দ দাসক পুৰস্কৃত কৰি উৎসাহিত কৰে।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে আন এগৰাকী কিশোৰীও ঘৰৰ পৰা পলাই অহাৰ পাছত অতি তৎপৰতাৰে বশিষ্ঠ থানাত চমজাই দিছিল এইজন সচেতন গাড়ীচালক গোবিন্দ দাসে।

commissioner of police