তিতাবৰৰ ২ ছাত্ৰ নিৰুদ্দেশঃ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি

তিতাবৰৰ ২ ছাত্ৰ নিৰুদ্দেশঃ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি

ডিজিটেল সংবাদ, তিতাবৰঃ জন্মাষ্টমীৰ দিনাৰে পৰা সন্ধান নাই তিতাবৰৰ নতুন বান্দৰচলিয়াৰ ভূপেন তাঁতী আৰু সুনীল পানীকা নামৰ দুই ছাত্ৰৰ। জন্মাষ্টমীৰ দিনা পুৱাই ঘৰৰ পৰা ওলাই যোৱাৰ পাছৰে পৰা আজিকোপতি কোনো সন্ধান নাই ছাত্ৰ দুজনৰ। ছাত্ৰ দুজনৰ নিৰুদ্দেশে এতিয়া চিন্তিত কৰি তুলিছে পৰিয়াল তথা স্থানীয় ৰাইজক।

উল্লেখ্য যে, ছাত্ৰ দুজনৰ নিৰুদ্দেশৰ সন্দৰ্ভত বান্দৰচলিয়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে ছাত্ৰ দুজনৰ কোন ধৰণৰ সম্ভেদ লাভ কৰা নাই আৰক্ষীয়ে। আৰক্ষীয়ে সক্ৰিয়তাৰে ছাত্ৰ দুজনক বিচাৰি অনুসন্ধান চলাই আছে যদিও তাৰ সমান্তৰালভাবে ভূপেন আৰু সুনীলৰ পৰিয়ালে ছাত্ৰ দুজনৰ কোনো সম্ভেদ পালে স্থানীয় আৰক্ষীক খবৰ দিয়াৰ লগতে ৯১০১০৭৪১৮২ আৰু ৮৮১১৮৫০৭৫০ নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে ।

তিতাবৰৰ ২ ছাত্ৰ নিৰুদ্দেশঃ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি
গহপুৰত বিদ্যালয়ে বিদ্যালয়ে "প্ৰজ্ঞান" শীৰ্ষক মুক্ত পুথিভঁৰাল...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in