ডিজিটেল সংবাদ,বেকাজানঃ সমাজৰ বৰবিহ স্বৰূপ ড্ৰাগছৰ কবলত পৰি সম্প্ৰতি তিলতিলকৈ ধবংসৰ মুখলৈ গতি কৰিছে অসম-নাগালেণ্ড সীমান্তৰ বৰহোলা, বেকাজান আৰু নগাবাটৰ বহু যুৱক। নিজৰ সন্তানৰ এনে ধবংসৰ দেখি এতিয়া বেকাজানৰ বহু কেইটা পৰিয়ালৰ পিতৃ মাতৃৰ মূৰত সৰগ ভাগি পৰিছে।
জানিব পৰা মতে বেকাজানৰ ড্ৰাগছ আসক্ত কেইবাজনো যুৱকক আৰক্ষীৰ সহায়ত ইতিমধ্যে নিচা মুক্তি কেন্দ্ৰত ভৰ্তি কৰাই চিকিৎসা কৰি থকা হৈছে। ইফালে অঞ্চলটোত ড্ৰাগছ আসক্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱালৈ লক্ষ্য ৰাখি ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ বিভাগৰ ফালৰ পৰা যোৰহাট চিকিৎসা মহাবিদ্যালৰ সহযোগত এইচ আই ভি সংক্ৰমণৰ বিৰুদ্ধে সজাগতা আৰম্ভ কৰিছে।
ইতিমধ্যে বৰহোলা আৰু বেকাজানত এইচ আই ভিত আক্ৰান্তৰ খবৰ আহিছে। উল্লেখযোগ্য যে অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে ব্যাপক অভিযান চলাই কোটি কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ কৰিলেও তিতাবৰৰ অসম নাগালেণ্ড সীমান্ততত ড্ৰাগছ সৰবৰাহ এতিয়াও অব্যাহত আছে। সীমান্তৰ ৰাইজে অভিযোগ কৰা মতে,তিতাবৰ আৰক্ষী প্ৰশাসনৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি তিতাবৰ চহৰ,বেকাজান, ফুলবাৰী, ৰজাবাৰী বৰহোলা, নগাবাট আৰু শিলডুবিত লাখ লাখ টকাৰ ড্ৰাগছৰ ব্যৱসায় চলি আছে।
পৰিতাপৰ কথা যে, তিতাবৰৰ মহকুমাৰ পথভ্ৰষ্ট একাংশ যুৱকক বিশেষকৈ ছাত্ৰক লক্ষ্য কৰি এটা দুৰ্ধষ ড্ৰাগছ ব্যৱসায়ী চক্ৰই প্ৰতিমাহে লক্ষাধিক টকাৰ ড্ৰাগছ ফুলবাৰী, বৰহোলা শিলডুবিৰ আৰু বেকাজান অঞ্চলত বিক্ৰী আহিছে। অসম-নাগালেণ্ড সীমান্তত একাংশ নগা লোকো জড়িত আছে। তদুপৰি আৰক্ষীৰ চকুত ধূলি দি সৰু সৰু ধপাতৰ টেমাত ড্ৰাগছ বেপাৰী চক্ৰটোৱে সৰবৰাহ কৰি আহিছে।
জানিব পৰা মতে এই নিচাযুক্ত টেবলেট আৰু ব্ৰাউন ছুগাৰসমূহৰ মূল অভিকেন্দ্ৰ হৈছে মেৰাপানী। নাগালেণ্ডৰ ডিমাপুৰৰ পৰা বোকাজান হৈ এই ড্ৰাগছ গোলাঘাটৰ মেৰাপানী লৈ আহে। তাৰ পিছত মেৰাপানীৰ পৰাই অতি গোপনে সৰবৰাহ কৰা হয় । মেৰাপানীৰ এটা বিশেষ অঞ্চলৰ পৰা এই নিচাযুক্ত টেবলেটৰ আৰু ড্ৰাগছ বৰহোলা আৰু তিতাবৰলৈ নিয়মীয়াকৈ সৰবৰাহ হৈ আছে। কিছুদিন পূৰ্বে তিতাবৰৰ ফুলবাৰীত আৰক্ষীয়ে চুবুৰীয়া নাগালেণ্ডৰ দুজন ড্ৰাগছ পেডলাৰৰ পৰা প্ৰায় ১ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছিল।
ইফালে ভয়ানক ৰূপ বৃদ্ধি পোৱা এই ড্ৰাগছৰ কবলত পৰি ইতিমধ্যে বৰহোলাৰ কেইবাজনো যুৱকৰ জীৱন ধবংস হোৱাৰ লগতে নগাবাটৰ এজন যুৱকক মানসিক ভাৰসাম্য হেৰুৱাৰ ছাত্ৰক গুৱাহাটীৰ নিচা মুক্তি কেন্দ্ৰত ভৰ্তি কৰাব লগা দৰে ভয়ংকৰ পৰিস্থিতি সৃষ্টি হৈছে। পৰিতাপৰ কথা এয়ে যে তিতাবৰৰ একাংশ অভিজাত ঘৰৰ কিশোৰ ছাত্ৰক মা -দেউতাকে বিলাসী বাইক কিনি স্কুল আৰু কলেজলৈ পঠাই যদিও এই ছাত্ৰসকলে গোপনে ড্ৰাগছ ঘাটি গৈ ড্ৰাগছ সেৱন কৰে। এনে ড্ৰাগছ আসক্ত যুৱকে দ্ৰুতগতিত বাইক ষ্টান কৰি পথচাৰীক আতংকিত কৰাই নহয় দুৰ্ঘটনা সংঘটিত কৰি আহিছে।
সম্প্ৰতি তিতাবৰ টাউন, ফুলবাৰী, ৰজাবাৰী, নগাবাট,বেকাজান, শিলডুবি আৰু বৰহোলা চাৰি আলি ড্ৰাগছৰ ট্ৰেন্সিটত পইণ্ট হিচাপে গঢ়ি উঠিছে । আৰক্ষী বিভাগৰ নিস্ক্ৰিয়তাৰ সুযোগ গ্ৰহণ কৰি একাংশ ড্ৰাগছ বেপাৰীয়ে গঢ়ি তুলিছ সৰু সৰু দোকানত ড্ৰাগছ গোপন পইণ্ট গঢ়ি তুলিছে। এনে ড্ৰাগছ আসক্ত যুৱকৰৰ অত্যাচাৰত বৰহোলাৰ এতিয়া পিতৃ মাতৃয়ে ত্ৰাহি মধূসুদন সোঁৱৰিব লগা হৈছে।
তদুপৰি অঞ্চলটোত নানা অসামাজিক কাৰ্য বৃদ্ধি পাইছে।সম্প্ৰতি তিতাবৰৰ অসম-নাগালেণ্ড সীমান্তত দিনক দিনে মৰাত্মক ড্ৰাগছে প্ৰচলন আৰু এইচ আই ভি সংক্ৰমণে যুৱক প্ৰজন্মক তিলতিলকৈ ধবংস মুখলৈ লৈ যোৱাত সচেতন অভিভাৱসকল উদিগ্ন হৈ পৰিছে। এই ক্ষেত্ৰত জিলা আৰক্ষী অধীক্ষ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে আহ্বান জনাইছে ।