পৰকীয়া প্ৰেমৰ শেষ পৰিণতিঃ উকা হৈ ৰ'ল দুটা পৰিয়াল

পৰকীয়া প্ৰেমৰ শেষ পৰিণতিঃ উকা হৈ ৰ'ল দুটা পৰিয়াল

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

ডিজিটেল সংবাদ, তিতাবৰঃ তিতাবৰৰ লেটকো জান চাহ বাগিচাৰ দোকান লাইনত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। দোকান লাইনৰ বাবাতো গুৱালা নামৰ ২৫বছৰীয়া এজন বিবাহিত যুৱকে সোমবাৰে দিনৰ ২বজাত বাগানৰ এজোপা গছত আত্মহত্যা কৰে।

Advertisment

এই ঘটনাৰ ঠিক কেইমুহূৰ্ত মানৰ পাছতে একে লাইনৰ পড পাত্ৰ নামৰ এগৰাকী ২৩বছৰীয়া মহিলাইও ঘৰৰ ভিতৰত আত্মহন্ন পথ বাছি লয়। মহিলাগৰাকীয়ে এটি ৫বছৰীয়া কন্যা সন্তান এৰি যোৱাৰ লগতে আত্মহত্যা কৰা পুৰুষ জনৰো আছে এটি কণমানি সন্তান। জানিব পৰা মতে দুইজনৰ মাজত বহু দিনৰ পৰাই পৰাকীয়া প্ৰেমৰ সমন্ধ আছিল। যাৰ পৰিণতিত আত্মহত্যাৰ দৰে পথ বাচি লয় দুইগৰাকীয়ে। এই ঘটনাৰ পিছতে অঞ্চলটোত চাঞ্চল্যকৰ পৰিস্থিতিৰ সৃষ্টি হয় ।

Also Read: যুৱতীক অপহৰণ কৰি ভাৰাঘৰত নিৰ্যাতন, পলাতক হৃদয়

jorhat titabar