নাহৰফুটুকীৰ আক্ৰমণত আহত পিতা-পুত্ৰ

নাহৰফুটুকীৰ আক্ৰমণত আহত পিতা-পুত্ৰ

ডিজিটেল সংবাদ, মৰিয়নিঃ মৰিয়নিৰ বুধবৰীয়া মিৰিজানত বাঘৰ আক্ৰমণত আহত হৈছে পিতা-পুত্ৰ। আহত ব্যক্তিদুজন হৈছে কমল মাঝি আৰু বিষ্ণু মাঝি। সোমবাৰে সন্ধিয়া নিজ গৃহৰ বাৰীৰ পৰা আহি থাকোতে দুই পিতা পুত্ৰক আক্ৰমণ কৰে এটা নাহৰফুটুকী বাঘে।

বাঘৰআক্ৰমণত গুৰুতৰভাৱে আহত কমল মাঝি আৰু বিষ্ণু মাঝিক সংকটজনক অৱস্থাত কাকজান চাহ বাগিছাৰ চিকিৎসালয়ত ভৰ্তি কৰা হয়। ইফালে নাহৰফুটুকীৰ বিচৰণৰ পিচতে বুধবৰীয়াত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে যদিও বন বিভাগে কোনো পদক্ষেপ গ্ৰহন নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

নাহৰফুটুকীৰ আক্ৰমণত আহত পিতা-পুত্ৰ
ডিফুৰ চেৰলংজোনত ৩৫ খ্ৰীষ্টান ধৰ্মাৱলম্বী পৰিয়ালৰ স্বধৰ্মলৈ প্ৰত্যাবৰ্তন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in