তিতাবৰত ঠেঙাল কছাৰী জনগোষ্ঠীৰ জাতীয় উৎসৱ তৰা ছিৰা বিহু উদযাপন

তিতাবৰত ঠেঙাল কছাৰী জনগোষ্ঠীৰ জাতীয় উৎসৱ তৰা ছিৰা বিহু উদযাপন

ডিজিটেল সংবাদ, তিতাবৰঃ ঠেঙাল কছাৰীসকলে তিতাবৰ মৰধলিত বজালবাৰী গাঁৱত পৰম্পৰা ৰক্ষা কৰি চ’ত মাহৰ শেষত পৰম্পৰাগতভাৱে উদযাপন কৰে তৰা ছিৰা বিহু।

সদৌ অসম ঠেঙাল কছাৰী যোৰহাট জিলা সমিতি, সদৌ অসম ঠেঙাল কছাৰী ছাত্ৰ সন্থা আৰু সদৌ অসম ঠেঙাল কছাৰী মহিলা সংগঠনৰ লগতে ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে তিতাবৰৰ মৰধলি কছাৰী গাওঁত অনুষ্ঠিত কৰা হয় ঠেঙাল কছাৰী জনগোষ্ঠীৰ পৰম্পৰাগত তৰাচিৰা বিহু ।

পৰম্পৰা অনুসৰি গাঁৱৰ মুখিয়াল তথা জ্যেষ্ঠসকলক লগত লৈ জনগোষ্ঠীৰ ৰাইজে পূৰ্বতে পাহাৰীয়া অঞ্চলসমূহৰ পৰা তৰা গছ আনিবলৈ যোৱাৰ লগতে যাত্ৰাপথত আমৰলি পৰুৱাৰ টোপ, কেঁকুৰা, কুচীয়া, মাছ মৰা আদি পৰ্বৰ লগতে পাহাৰীয়া অঞ্চলসমূহত বনৰীয়া হাঁহ-কুকুৰা আদি চিকাৰ কৰিছিল, যদিও আধুনিকতাৰ ধামখুমীয়াত তেতিয়াৰ সেই বিহুৰ মাদকতা সম্প্ৰতি হেৰাই যোৱাৰ সময়তে পূৰ্বৰ সেই পৰম্পৰা পুনৰ জিলিকাই তুলিবলৈ প্ৰয়াস কৰিছে জনগোষ্ঠীটোৰ লোকসকলে। লক্ষণীয় যে, পূৰ্বৰ সেই পৰম্পৰা অনুসৰি তৰাচিৰা বিহুৰ এই চিকাৰ পৰ্বৰ লগতে তৰাচিৰা পৰ্বত অংশগ্ৰহণ কৰাসকলৰ মাজত জনগোষ্ঠীৰ খাদ্যৰো সমাহাৰ ঘটা পৰিলক্ষিত হয় ।

তিতাবৰত ঠেঙাল কছাৰী জনগোষ্ঠীৰ জাতীয় উৎসৱ তৰা ছিৰা বিহু উদযাপন
কবিতা, সাহিত্য শিল্প আদিৰ সৈতে সংপৃক্ত ব্যক্তিৰ মনত হতাশা নাথাকেঃ ড০ সুষমা মজুমদাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in