বিপদত কৃষকঃ চৰকাৰী ধানৰ বীজৰ পৰা নগজিল কঠিয়া

তিতাবৰ ধান গৱেষণা কেন্দ্ৰৰ পৰা ক্ৰয় কৰিছিল উন্নত জাতৰ ধানৰ বীজ

author-image
Asomiya Pratidin
New Update
বিপদত কৃষকঃ চৰকাৰী ধানৰ বীজৰ পৰা নগজিল কঠিয়া

ডিজিটেল সংবাদ,বেকাজানঃ উন্নতজাতৰ ধান খেতি কৰি এইবাৰ বিপদত পৰিছে তিতাবৰৰ একাংশ কৃষক। তিতাবৰ ধান গৱেষণাৰ পৰা ধান বীজ কিনি খেতি কৰিবলৈ গৈ কঠিয়া নগজাত এতিয়া মূৰে কঁপালে হাত দিছে। জানিব পৰা মতে তিতাবৰৰ ৰঙাজানৰ কেইজমান উদ্যমী কৃষকে তিতাবৰৰ কৃষি গৱেষণা কেন্দ্ৰৰ নুমলী নামৰ ধানৰ বীজ কঠিয়াৰ বাবে নিছিল কিন্তু বীজত পতান থকাত আশানুৰূপ কঠিয়া নগজিল। ফলত খেতিৰ ভৰপক সময়ত বিপদত পৰিছে কৃষকসকল।

Advertisment

তিতাবৰ আঞ্চলিক ধান গৱেষণাগাৰৰ বিজ্ঞানীসকলে ঘোষণা কৰা অনুসৰি অন্য ধানৰ বীজৰ তুলনাত নুমলী প্ৰজাতিৰ ধান যথেষ্ট উন্নত প্ৰজাতিৰ। কিন্তু সেই উন্নত প্ৰজাতিৰ বীজেৰে এইবাৰ কৃষিকৰ্মত নামিব বিচৰা কৃষকে পথাৰত কঠিয়া নগজাত এতিয়া মূৰে কপালে হাত দিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে।

ৰঙাজানৰ কেইবাজনো কৃষকে কঠিয়া সিচাৰ পাছতো কঠিয়া নোলাল। কৃষকসকলে অভিযোগ কৰা মতে তিতাবৰ ধান গৱেষণা কেন্দ্ৰৰ পৰা অনা ৪০কেজি বীজৰ মাত্ৰ তিনি কেজি মানহে গজিল।

উল্লেখযোগ্য যে বছৰ বছৰজোৰা গৱেষণাৰ অন্তত বিজ্ঞানীসকলে কেইবাটাও উন্নত জাতৰ ধান উদ্ভাৱনেৰে চমক সৃষ্টি কৰি অহা তিতাবৰৰ কৃষি গৱেষণা কেন্দ্ৰই কৃষকক এনেদৰে প্ৰতাৰণা কৰা কাৰ্যই ধান গৱেষণা কেন্দ্ৰটোৰ প্ৰকৃত ছবিখন উদঙাই দিছে।

Also Read: কপিলীৰ খহনীয়াৰ কবলত জলসম্পদ বিভাগে নিৰ্মাণ কৰা কোটি টকীয়া শিলবান্ধ

rice seed bekajaan