তিতাবৰত অসম চৰকাৰৰ পৃষ্ঠপোষকতাত গ্ৰীষ্মকালীন কৰ্মশালা সম্পন্ন...

তিতাবৰত অসম চৰকাৰৰ পৃষ্ঠপোষকতাত গ্ৰীষ্মকালীন কৰ্মশালা সম্পন্ন...
তিতাবৰত অসম চৰকাৰৰ পৃষ্ঠপোষকতাত গ্ৰীষ্মকালীন কৰ্মশালা সম্পন্ন...

ডিজিটেল সংবাদ তিতাবৰঃ তিতাবৰত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু যোৰহাট জিলা প্ৰশাসনৰ সহযোগত তিতাবৰ সমষ্টি ভিত্তিত তাঁতী গাঁৱৰ বৰ নামঘৰত অনুষ্ঠিত গ্ৰীষ্মকালীন কৰ্মশালাৰ ২৯ জুলাইত সামৰণি পৰে। যোৱা ১৫ জুলাইৰ পৰা অনুষ্ঠিত কৰ্মশালাৰ অন্তত ২৯ জুলাইত অনুষ্ঠিত সামৰণি অনুষ্ঠানত সভাপতিত্ব কৰে সমাজকৰ্মী কোশেশ্বৰ শইকীয়াই।

সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি শিক্ষাৰ্থীসকলৰ দ্বাৰা অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত শিক্ষাৰ্থীসকলে বৰগীত, গায়ন- বায়ন, ভাওনাৰ বচন আদি পৰিবেশন কৰি সকলোকে আপ্লুত কৰে।

অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে সাংস্কৃতিক কৰ্মী প্ৰতিম মহন্ত, সাংবাদিক প্ৰকাশ বৰদলৈ, প্ৰসন্ন তামুলী, জগত বৰা, পৌৰপতি ৰূপা দত্ত বৰাই অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে। অনুষ্ঠানতেই খোল বাদন প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰি বিজয়ী সকলক পুৰস্কাৰ প্ৰদান কৰা হয়।

তিতাবৰত অসম চৰকাৰৰ পৃষ্ঠপোষকতাত গ্ৰীষ্মকালীন কৰ্মশালা সম্পন্ন...
ঘৰ ঘৰ কী বাত, হেৰাই মাত...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in