/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/8551a00c-a317-4707-a857-0d26312be4b4/dff.jpg)
ডিজিটেল সংবাদ, যোৰহাটঃ অসমৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ স্থায়ী অধ্যক্ষ হিচাপে ড: চুম্বিত চলিহা ই আজি দায়িত্ব গ্ৰহণ কৰে।১৯৬৬ চনতে প্ৰতিষ্ঠা হোৱা বাহনা মহাবিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ তথা পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে দায়িত্ব পালন কৰা ড: চুম্বিত চলিহা মহাবিদ্যালয়ৰ পঞ্চমজন স্থায়ী অধ্যক্ষ।
বুধবাৰে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড: পবিত্ৰপ্ৰাণ গোস্বামীৰ উপস্থিতিত মহাবিদ্যালয়ৰ অধ্যক্ষৰ কোঠাত অনুষ্ঠিত এক অনুষ্ঠানত নতুন অধ্যক্ষগৰাকীয়ে দায়িত্ব গ্ৰহণ কৰে। এই অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ তথা বাহনা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক নীৰেণ বৰুৱা, , মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড: প্ৰসন্ন কুমাৰ দত্ত,টীয়ক চি কে বি কলেজৰ প্ৰাক্তন অধ্যক্ষ ড: যজ্ঞেশ্বৰ বৰা,কমাৰগাও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড: গজেন বৰদলৈৰ লগতে বাহনা মহাবিদ্যালয়ৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষা শকুন্তলা দেৱী, সদ্যপ্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষা ড: শান্তনা শইকীয়া,প্ৰাক্তন উপাধ্যক্ষ ড: ওমৰ আহমেদ আৰু ড: পূৰ্ণিমা দত্ত, সমাজকৰ্মী সদৌ অসম মইনা পাৰিজাতৰ উপ সভাপতি প্ৰফুল্ল বৰাৰ লগতে বাহনা অঞ্চলৰ কেবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
বাহনা মহাবিদ্যালয়ৰ শিক্ষক গোট, কৰ্মচাৰী গোট, ছাত্ৰ একতা সভা, প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ যৌথ উদ্যোগত আয়োজিত আদৰণি অনুষ্ঠানত মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ লগতে বাহনা উচ্চ ইংৰাজী বালক বিদ্যালয়,বাহনা উচ্চ ইংৰাজী বালিকা বিদ্যালয়,বাহনা বাল্যভৱন ,৩১ নং মধ্য চাৰিগাও গাওঁ পঞ্চায়ত, মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক গোটৰ তৰফৰ পৰাও নৱনিযুক্ত অধ্যক্ষগৰাকীক আদৰণি জনোৱা হয়। আদৰণি গ্ৰহণ কৰি নৱনিযুক্ত অধ্যক্ষগৰাকীয়ে মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সকলৰ ত্যাগ আৰু বদান্যতাক সোঁৱৰণ কৰি মহাবিদ্যালয়ৰ উত্তৰণৰ বাবে সকলোৰে সহায় সহযোগ আৰু দিহা পৰামৰ্শ কামনা কৰে।
উল্লেখ্য যে ১৯৬৬ চনত প্ৰতিষ্ঠা হোৱা গ্ৰামাঞ্চলৰ এই উচ্চ শিক্ষানুস্থানখনে শেহতীয়াকৈ 'নাক' ৰ মুল্যায়নত "এ প্লাছ" গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছে। মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰামকুমাৰ বৰুৱাৰ পাছত ৰাজেন্দ্ৰ নাথ দত্ত, ড: চেনীৰাম দত্ত আৰু ড: প্ৰসন্ন কুমাৰ দত্তই অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। উত্তৰ যোৰহাটৰ বৃহত্তৰ বাহনা অঞ্চলৰ ৰাইজৰ আশাসুধীয়া ত্যাগ আৰু কষ্টৰ বিনিময়ত প্ৰতিষ্ঠা লাভ কৰা মহাবিদ্যালয়খনৰ স্থায়ী অধ্যক্ষ হিচাপে পুনৰ এজন প্ৰাক্তন ছাত্ৰই দায়িত্ব গ্ৰহণ কৰাত স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰাৰ লগতে ড: চলিহাৰ নেতৃত্বত বাহনা মহাবিদ্যালয়ে শৈক্ষিক দিশত অধিক আগুৱাই যাব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে।
Also Read: ৰত্নাকৰ...