/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/3261c607-5eeb-4927-9fb9-f94ea0ecd5e8/jorhat.jpg)
বিহু নাচৰ কৰ্মশালাৰ সামৰণি
ডিজিটেল সংবাদ, যোৰহাটঃ বহাগ বিহুৰ আগমনৰ লগে লগেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৰ্মশালা অনুষ্ঠিত হৈছে । এই কৰ্মশালাসমূহৰ লক্ষ্য হৈছে উঠি অহা প্ৰজন্মক কৰ্মশালাৰ জৰিয়তে বিহু নাচ শিকোৱা ।
এই উদেশ্য আগত ৰাখি ৰঙালী বিহুক নতুন প্ৰজন্মৰ মাজত সঠিক আৰু সুন্দৰভাৱে উপস্থাপন কৰাৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি বিহু সুৰক্ষা সমিতি, অসমৰ পশ্চিম যোৰহাট আঞ্চলিক সমিতি আৰু "দৈনিক সংবাদ" গোষ্ঠীৰ সৌজন্যত যোৰহাটৰ ম'হবন্ধা ভকত পমুৱাৰ শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক প্ৰকল্প প্ৰাংগণত এখনি বিহু নাচৰ কৰ্মশালা আয়োজন কৰা হয় । যোৱা ২ এপ্ৰিলৰ পৰা শুভাৰম্ভ হোবা বিহু নাচৰ কৰ্মশালা খনি ৮ এপ্ৰিলৰ বিয়লি সফল সামৰণি পৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/bd04e795-9569-4020-a2da-99828a99f0d5/4fa36988_52e3_47e0_8cdb_3c2176742595.jpg)
বিহু সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সমিতিৰ উৎপাদনী বিভাগৰ সহ: সম্পাদক প্ৰৱীণ বৰাই শুভ উদ্বোধন কৰা বিহু নাচ কৰ্মশালা খনিত প্ৰশিক্ষক হিচাপে বৰ বিহুৱতী চিল্কীপ্ৰিয়া শইকীয়া, বৰ বিহুৱা ৰক্তিক বৈশ্যই প্ৰশিক্ষণ প্ৰদান কৰে । আমন্ত্ৰিত অতিথি হিচাপে বিহু কৃষ্টি চৰ্চা বিকাশ সমিতিৰ প্ৰাক্তন সম্পাদক প্ৰবীণ চন্দ্ৰ বৰুৱাই কৰ্মশালাত উপস্থিত থাকি কৰ্মশালাখনিৰ সৌষ্ঠৱ বৃদ্ধি কৰে ।
বিহু সুৰক্ষা সমিতিৰ সম্পাদক পংকজ কুমাৰ দাসে আঁত ধৰা সামৰণি অনুষ্ঠানত বিহু নাচ প্ৰশিক্ষণত অংশগ্ৰহণ কৰা সমূহ প্ৰশিক্ষাৰ্থীক একোখনকৈ মান-পত্ৰ প্ৰদান কৰা হয় ।
দেৰগাঁও কুমাৰ গাঁওৰ উদীয়মান শিল্পী ভাস্বতী বৰগোহাঁইৰ সত্ৰীয়া নৃত্য পৰিৱেশনৰে শুভাৰম্ভ আৰু বহুকেইজন গন্য মান্য ব্যক্তি উপস্থিত থকা অনুষ্ঠানত যোৰহাট টেকেলা গাঁওৰ উদীয়মান শিল্পী হেপ্পীমণি নেওগৰ দশাৱতাৰ নৃত্য পৰিৱেশনে সকলোকে মুগ্ধ কৰে । কৰ্মশালা সাফল্যমণ্ডিত কৰি তোলাত পৱন তুৰী, দিগন্ত দাস আৰু ৰাজেশ ৰহি দাসৰ সহযোগিতা আছিল উল্লেখনীয়।
Also Read: চিলাপথাৰত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ পঞ্চদশ কেন্দ্ৰীয় অধিবেশনৰ প্ৰস্তুতি...