তিতাবৰৰ কনচেপ্ট শৈক্ষিক প্ৰতিষ্ঠানৰ সচিবলৈ সেৱা ভাৰতী পূৰ্বাঞ্চলৰ যোগ সাধনা বঁটা

তিতাবৰৰ কনচেপ্ট শৈক্ষিক প্ৰতিষ্ঠানৰ সচিবলৈ সেৱা ভাৰতী পূৰ্বাঞ্চলৰ যোগ সাধনা বঁটা

author-image
Asomiya Pratidin
New Update
তিতাবৰৰ কনচেপ্ট শৈক্ষিক প্ৰতিষ্ঠানৰ  সচিবলৈ সেৱা ভাৰতী পূৰ্বাঞ্চলৰ যোগ সাধনা বঁটা

ডিজিটেল সংবাদ,বেকাজান : সেৱা ভাৰতী পূৰ্বাঞ্চলৰ যোগ বিভাগ উদ্যোগত আৰু যোগ বিদ্যা গুৰুকুল নাচিকৰ সহযোগত গুৱাহাটীত অনুষ্ঠিত হয় উত্তৰ অসম প্ৰান্তৰ যোগ শিক্ষক সন্মিলন-২০২৪ৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান। এই অনুষ্ঠানত তিতাবৰৰ কনচেপ্ট শৈক্ষিক প্ৰতিষ্ঠানৰ অন্তৰ্গত কনচেপ্ট যোগ ক্লাৱৰ সচিব ভূৱন কছাৰীক যোগ শিক্ষাৰ সৰ্বস্পৰ্শী, সৰ্বব্যাপী প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে যোগ সাধনা বঁটাৰে সেৱা ভাৰতীয়ে সম্বৰ্ধনা জ্ঞাপন কৰে।

Advertisment

কনচেপ্ট শৈক্ষিক প্ৰতিষ্ঠানৰ সঞ্চালক জিতু কুমাৰ বৰা, সঞ্চালক প্ৰণৱ কুমাৰ ভূঞাৰ নেতৃত্বত এই অনুষ্ঠানটি সম্পন্ন কৰা হয়। বঁটা প্ৰদান কৰি কমচেপ্ট পৰিয়ালে কয়- আমি কনচেপ্ট শৈক্ষিক প্ৰতিষ্ঠান পৰিয়ালে কনচেপ্ট যোগ ক্লাৱৰ সন্মানীয় সচিব ভূৱন কছাৰীক যোগৰ সাধনাত তেখেতৰ নিৰলস প্ৰয়াসক সন্মান জনাই যোগ সাধনা বঁটা প্ৰাপ্তিৰ বাবে অভিনন্দন জ্ঞাপন কৰিছো বুলি মন্তব্য কৰে।

Also Read: সংকটৰ গৰাহত শিলপুখুৰী শ্মশান কালীমন্দিৰ খেলপথাৰঃ মন্দিৰ খেলপথাৰ সংৰক্ষন সমিতিৰ গোহাৰি

bekajan Concept Educational Institute award