তিতাবৰৰ বিকিদেৱী উচ্চ মাধ্যমিক বিদ্যালয়ত বিদ্যাৰম্ভৰ দিন উদযাপন

তিতাবৰৰ বিকিদেৱী উচ্চ মাধ্যমিক বিদ্যালয়ত বিদ্যাৰম্ভৰ দিন উদযাপন

author-image
Asomiya Pratidin
New Update
তিতাবৰৰ বিকিদেৱী উচ্চ মাধ্যমিক বিদ্যালয়ত বিদ্যাৰম্ভৰ দিন উদযাপন

ডিজিটেল সংবাদ,তিতাবৰ : পহিলা এপ্ৰিলৰ দিনটোতে সমগ্ৰ ৰাজ্যজুুৰি নতুন শিক্ষাবৰ্ষৰ দিন আৰম্ভ হৈছে। নতুন শিক্ষাবৰ্ষৰ আৰম্ভণিৰ দিনটোতে তিতাবৰৰ বিকিদেৱী উচ্চ মাধ্যমিক বিদ্যালয়ত অভিভাৱক, ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ সহযোগত মাংগলিক ধ্বনিৰে বিদ্যাৰম্ভৰ দিন উদযাপন কৰা হয়।

Advertisment

সোমবাৰে পুৱা বন্তি প্ৰজ্বলনৰ লগতে অঞ্চলটোৰ শুভাকাংক্ষী আৰু শিক্ষাবিদসকলক লৈ মতবিনিময় কৰাৰ লগতে বিদ্যালয়খনৰ অতীত ৰোমন্থন কৰে। আজিৰ বিদ্যাৰম্ভৰ দিনটোতে শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীসকলে ইংৰাজী ভাষাত এখন নাটিকাও প্ৰদৰ্শন কৰে।

নতুন শিক্ষানীতিৰ আধাৰত এইবৰ্ষৰ পৰা বিদ্যালয়খনত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ ভিতৰত বাঁহ-বেতৰ সামগ্ৰী নিৰ্মাণৰ প্ৰশিক্ষণ, প্ৰত্যক শনিবাৰে বাধ্যতামূলক সংগীত আৰু পাঠ্যপুথিৰ সাপ্তাহিক পৰীক্ষা অনুষ্ঠিত কৰাআৰু ছাত্ৰ-ছাত্ৰী সকলৰ জৰিয়তে তেওঁলোকৰ দ্বাৰাই এটা কল্যাণ পুঁজি গঠন কৰাৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে প্ৰধান শিক্ষক পল্লৱ কুমাৰ গগৈয়ে।

Also Read: 'আমাৰ ৰঙালী আমাৰ ট্রেণ্ডচ'ৰ আয়োজন

titabar school