/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/5541a4a8-b8ee-4e28-ab17-0c88563e8649/1.jpg)
ডিজিটেল সংবাদ, বেকাজানঃ গুৱাহাটীস্থিত ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, চমুকৈ এছ ছি ই আৰ টিয়ে ব্যতিক্ৰমী কাৰ্যৰ দ্বাৰা অসমৰ শৈক্ষিক ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে তিতাবৰৰ যোৰহাট ডায়েটলৈ শ্ৰেষ্ঠ উদ্ভাৱনীমূলক প্ৰতিষ্ঠানৰ বঁটা আগবঢ়াইছে। যোৱা ২ জুলাইৰ পৰা ৪ জুলাইলৈ খানাপাৰাস্থিত এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজৰ প্ৰেক্ষাগৃহত এছ ছি ই আৰ টিৰ উদ্যোগত আয়োজিত কন্চালটেটিভ মিটত প্ৰতিষ্ঠানখনলৈ এই বঁটা আগবঢ়োৱা হ'য়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/9774e1d0-3df3-49d2-b5d6-d7f449cbdcce/3b020828-301c-4ea8-905a-31a9b8a993c4.jpg)
নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ চমুকৈ এন চি ই আৰ টিৰ দক্ষ ব্যক্তিসকলৰ উপস্থিতিত অসমৰ ২৭খন ডায়েটে ভাগ লোৱা কন্ছালটেটিভ মিটত ডায়েট যোৰহাটে বিশেষত বৃত্তিমূলক শিক্ষাৰ ক্ষেত্ৰত নতুন চিন্তা চৰ্চাৰে অন্যান্য বৃত্তিমূলক প্ৰতিষ্ঠানৰ সহযোগত শিক্ষক শিক্ষাৰ পাঠ্যক্ৰমক জড়িত কৰোৱাৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে। তিনিদিনীয়া কন্ছালটেটিভ মিটত ডায়েট যোৰহাটৰ তৰফৰ পৰা অধ্যক্ষ অনন্ত গগৈ, জ্যেষ্ঠ প্ৰৱক্তাদ্বয় ড° বিষ্ণুপ্ৰিয়া শইকীয়া আৰু কৃষ্ণা দত্ত ডেকা আৰু প্ৰৱক্তাদ্বয় সুমিত কুমাৰ থাপা আৰু ধ্ৰুৱজ্যোতি বৰাই অংশ গ্ৰহণ কৰে।
Also Read: ৰাওনা পথাৰত যুৱকৰ মৃতদেহ উদ্ধাৰ