ডিজিটেল সংবাদ বেকাজানঃ যোৰহাট জিলা চাওঁতালী সাহিত্য পৰিষদৰ উদ্যোগত তথা বৰহোলা ৰজাবাৰী আঞ্চলিক সমিতি লগতে চাওঁতালী ৰাইজ আৰু স্থানীয় ৰাইজৰ সহযোগত আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে ২১ সংখ্যক চাওঁতালী ভাষা মান্যতা দিৱস উদ্যাপন কৰা হয়। ৰজাবাৰী ৰাজহুৱা প্রেক্ষাগৃহ অনুষ্ঠিত চাওঁতালী ভাষা মান্যতা দিৱসৰ পুৱা পতাকা উত্তোলন কৰে যোৰহাট জিলা চাওঁতালী সাহিত্য পৰিষদৰ সভাপতি সোনেশ্বৰ চৰেন আৰু অভ্যৰ্থনা সমিতিৰ সভাপতি বিজু কিস্কুৱে।
বৃক্ষৰোপন কৰে বীৰেন হেমৰমে। ইয়াৰ পিছত মাঝি থান পূজা অনুষ্ঠিত হয়। ৰঘুনাথ মূৰ্মুৰ প্ৰতিচ্ছবি মাল্যাপৰ্ণ আৰু চাওঁতালী সাজপাৰ প্ৰদৰ্শন কৰা হয়। দুপৰীয়া যোৰহাট জিলা চাওঁতালী সাহিত্য পৰিষদৰ সভাপতি সোণেশ্বৰ চৰেনৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত আদৰণি ভাষণ প্ৰদান কৰে যোৰহাট জিলাৰ চাওঁতালী সাহিত্য পৰিষদৰ কাৰ্যকৰী সভাপতি হীৰানাথ মাৰ্ডিয়ে।
সভাখনি উদ্বোধন কৰি মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে চাওঁতালী জনগোষ্ঠীৰ ছাত্র - ছাত্ৰীসকলক শিক্ষা দীক্ষাৰে অনান্য জনগোষ্ঠীৰ সমানে আগবাঢ়ি যাবলৈ আহবান জনায়। নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰি গোলাঘাট জিলা চাওঁতালী সাহিত্য পৰিষদৰ সভাপতি বোপাৰাম হাচদাই অসমৰ চাওঁতালী জনগোষ্ঠী এতিয়াও ভাষা, সাহিত্য ক্ষেত্ৰত পিছ পৰা বুলি কৈ জনগোষ্ঠীটোৰ বৌদ্ধিক আৰু আৰ্থসমাজিক বিকাশৰ ক্ষেত্ৰত যুৱ প্ৰজন্মৰ গধুৰ দায়িত্ব আছে বুলি মন্তব্য কৰে।
আনহাতে সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ দিয়ে বিশিষ্ট চিন্তাবিদ, জাতীয় অভিধানৰ সম্পাদক তথা যোৰহাট মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ দেবব্ৰত শৰ্মাই । শৰ্মাই কয়- চাওঁতালী ভাষা সংস্কৃত ভাষাতকৈ প্ৰাচীন। ই প্ৰায় চাৰি হাজাৰ বছৰ পুৰণি ভাষা। কিয়নো বিশেষজ্ঞসকলৰ মতে চাওঁতালী ভাষা হৰপ্পা সভ্যতাত আৱিষ্কৃত যিবোৰ লেখন পোৱা গৈছে সেই লেখনৰ সৈতে চাওতালী ভাষাৰ বহু মিল পোৱা গৈছে।
তদুপৰি চাওঁতালী ভাষা ভাৰততেই নহয় নেপালতো এটা স্বীকৃত ভাষা। বাংলাদেশৰ বিশ্ববিদ্যালয়ৰ ৰাজশ্বাহী বিশ্ববিদ্যালয়ে চাওঁতালী ভাষাৰ পাঠ্যপুথি প্ৰকাশ কৰিছে। গতিকে অসম চৰকাৰেও অসমৰ চাওঁতালী জনগোষ্ঠীৰ ভাষা বিকাশৰ বাবে পাঠ্যক্ৰমৰ পাঠ্যপুথি ছপা কৰি যোগান ধৰিব লাগে বুলিও তেওঁ কয়।
ড০ শৰ্মাই আৰু কয় ড০ বাণীকান্ত কাকতিয়ে তেওঁৰ গৱেষণা গ্ৰন্থ আছামিচ ইটছ ফৰ্মচেন এণ্ড ডেভেলপমেণ্টত উল্লেখ কৰিছে যে অসমীয়া ভাষাৰ কামাখ্যা, আটোমটোকাৰী, বিলোৱা দমোৱা, লাটুম, মাইকী আৰু মুগা আদি শব্দবোৰ চাওঁতালী বা অষ্ট্ৰিক ভাষাৰ পৰা আহিছে।
সভাত আমন্ত্ৰিত অথিতি হিচাপে উপস্থিত থাকে চাওতালী সাহিত্য পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক বিজয় টুডু, কেশৱ কিস্কু, বিনোদ চৰেন, ৰমেন মুৰ্মু, ডেভিদ মুৰ্মু আটছাৰ যোৰহাট জিলাৰ সভাপতি পূঞ্জন কুৰ্মী, সাহিত্যক পেঞ্চনাৰ চেনিৰাম ওৰাঙ, বৰহোলা সাংবাদিক সন্থাৰ সভাপতি মণ্টুচ্ কোঁৱৰ, সম্পাদক অজয় শইকীয়া আৰু ৰজাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰীণা বুঢ়াগোহাঁইকে ধৰি বহু গণ্য মান্য ব্যক্তি। সভাত শিল্পীসকলে চাওঁতালী আধুনিক নৃত্য প্ৰদৰ্শন কৰে।