/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/7d9e2772-3daf-45e7-b864-30fc3d2daa2d/191.jpg)
ডিজিটেল সংবাদ,বেকাজানঃ ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ উপলক্ষে শনিবাৰে যোৰহাট জিলা পৰিবহন বিভাগৰ উদ্যোগত আৰু অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান, যোৰহাটৰ সহযোগত বৰহোলা খেৰেমা কছাৰী সাংস্কৃতিক কলাক্ষেত্র পথ সুৰক্ষাৰ মটৰ চাইকেল ৰেলী আৰু সজাগতা সভা অনুষ্ঠিত হয়। সভাত পথ সুৰক্ষা আৰু জীৱন ৰক্ষাৰ সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ যান- বাহন চলাওঁতে চালকসকলে মানি চলিবলগীয়া কেতবোৰ গুৰুত্বপূৰ্ণ নিয়মৰ অৱগত কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/37a4d0d5-0876-4f75-9eb2-7c705fc7d0bc/7abdeaa8_3504_438d_8512_5c57e2bc91af.jpg)
সভাত যোৰহাট জিলাৰ পৰিবহন বিষয়া উৎপল বৰুৱাই কয় যে, গোটেই অসমতে পথ সুৰক্ষাৰ মাহজোৰা কাৰ্যসূচী হৈ আহিছে। অসম তথা যোৰহাটতো এই আজি কাৰ্যসূচী আমি ৰূপায়ণ কৰা হৈছে। বিশেষকৈ মহিলাসকলৰ স্কুটী শোভাযাত্ৰাৰ জৰিয়তে তেওঁলোকৰ পৰিয়াল,ল'ৰা ছোৱালীয়ে যাতে গাড়ী চলাওতে সকলো নীতি নিয়ম মানি চলে তাৰে সজাগতা কৰিব পাৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/67ff8983-66d1-439e-aed6-bee503d791f4/2a759dc9_6d20_4556_a651_9c78a91d74de.jpg)
সভাত এম ভি আই ধনঞ্জয় শইকীয়া,বৰহোলা আৰক্ষী থানাৰ অ'চি প্ৰমোদ দত্ত, তিতাবৰ মহকুমাৰ সহকাৰী চক্ৰ বিষয়া প্ৰিয়ব্ৰত হাজৰিকা, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ তিতাবৰ ব্লকৰ খণ্ড প্ৰকল্প প্ৰৱন্ধক মাধুৰ্য শইকীয়া,খণ্ড সমন্বয়ক পম্পী গায়ন উপস্থিত থাকে । ইয়াৰ পিছত যোৰহাট পৰিবহন বিভাগৰ উদ্যোগত আৰু গ্রামীণ জীৱিকা অভিযান গ্ৰামীণ জীৱিকা অভিযানৰ সখীসকলে বৰহোলা তিনিআলিৰ পৰা চাৰিআলি লৈ মটৰ চাইকেলৰে সজাগতা ৰেলী উলিওৱা হয় ।
Also Read: 'ভাৰত ৰত্ন' লালকৃষ্ণ আদৱানি