/asomiyapratidin/media/media_files/2025/04/15/dmBt4cKSfa7iryj2TYqL.jpg)
ডিজিটেল সংবাদ যোৰহাটঃ ৰাজপথত দুৰ্ঘটনাত পতিত এটা পৰিয়ালৰ কাষত ত্ৰাণ কৰ্তা হিচাপে থিয় হ’ল মন্ত্ৰী পীযুষ হাজৰীকা। ১ ব’হাগৰ দিনটোতে দুৰ্ঘটনাত পতিত এটা পৰিয়ালক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰিলে মন্ত্ৰী হাজৰীকাই।
উল্লেখ্য যে, শিৱসাগৰৰ ৰংঘৰত অনুষ্ঠিত হোৱা ৰঙালী বিহুৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল মন্ত্ৰী হাজৰীকাই। তাৰ পৰাই গুৱাহাটী অভিমুখে আহি থকাৰ অৱস্থাত যোৰহাটৰ ধাপকতাত ডিভাইডাৰত এখন বাহনে খুন্দা মাৰি দুৰ্ঘটনাত পতিত হোৱা প্ৰত্যক্ষ কৰে মন্ত্ৰীগৰাকীয়ে।
দুৰ্ঘটনাত পতিত বাহনখনত আছিল নলবাৰীৰ বেলশৰৰ এটা পৰিয়াল। পৰিয়ালটো যোৰহাটৰ পৰা গুৱাহাটী অভিমুখে গৈ থকাৰ সময়তে এই দুৰ্ঘটনাৰ সন্মুখীন হয়। ইয়াৰ পাছতে মন্ত্ৰী হাজৰীকাৰ তৎপৰতাত তেওঁলোকক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।
তাৰোপৰি তেওঁ দুৰ্ঘটনাৰ পাছত সৃষ্টি হোৱা পৰিস্থিতি নিয়ন্ত্ৰণ কৰাতো ব্যস্ত হৈ পৰা দেখা যায়। মন্ত্ৰীগৰাকীয়ে তেওঁৰ কনভয়ৰ এখন গাড়ীত আঘাতপ্ৰাপ্ত পৰিয়ালটোক চিকিৎসাৰ বাবে জৰুৰীভাৱে হাস্পতাতলৈ প্ৰেৰণ কৰে।