/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-06/22mdweof/ce13b3bd-5461-4eda-baa4-e15e36e2ef61.jpg)
ডিজিটেল সংবাদ,বেকাজান : তিতাবৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়j শিক্ষাতত্ত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপিকা শেৱালি দত্ত ( ৬৭ ) আৰু নাই । দীর্ঘদিন ধৰি স্নায়ুৰ জটিল ৰোগত আক্ৰান্ত হৈ জীৱন মৃত্যুৰে যুঁজি থকা শিক্ষাব্ৰতীগৰাকীয়ে শনিবাৰে পুৱা ১০-০০ বজাত নিজ বাসগৃহ ইসসংসাৰৰ ত্যাগ কৰে।
উল্লেখযোগ্য যে নন্দনাথ শইকীয়া মহাবিদ্যালয়ত ১৯৯১ চনত চাকৰিত যোগদান কৰি ২০১৭ চনত শিক্ষাতত্ব বিভাগৰ মুৰব্বী অধ্যাপিকাৰূপে অৱসৰ গ্ৰহণ কৰিছিল শেৱালি দত্তই। শিৱসাগৰ চহৰৰ জীয়ৰী শেৱালি দত্তই নন্দনাথ শইকীয়া মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডঃ মণ্টুমনি দুত্তৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পূৰ্বে তেওঁ শিৱসাগৰ মহাবিদ্যালয়, বালিগাঁও সুম্বৰী বৰা মহাবিদ্যালয়, মাধপুৰৰ পদ্মৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰিছিল।
অসম আন্দোলনৰ অগ্ৰণী নেতা ডঃ মণ্টুমণি দুত্তৰ পৰিবাৰ হোৱাৰ সুবাদত তিতাবৰৰ সমাজ জীৱনৰ সৈতে জড়িত হোৱাৰ সুযোগ লাভ কৰা জনপ্ৰিয় মহিলাগৰাকীয়ে শিক্ষকতাৰ সমান্তৰালভাৱে বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত হৈ আছিল। তেওঁ মৃত্যু পৰ্যন্ত লেখিকা সমাৰোহ, সুকুমাৰ কলা পৰিষদ, তিতাবৰ চিত্ৰকলা আৰু সংগীত মহাবিদ্যালয়ৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল।
শেৱালি দত্তৰ মৃত্যুৰ বাতৰি লাভ কৰাৰ লগে লগে বহু সংখ্যক গুণমুগ্ধ তেখেতৰ তিতাবৰ নগৰস্থিত বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। উল্লেখযোগ্য যে মৃত্যুৰ সময়ত তেওঁ স্বামী ডঃ মণ্টুমনি দুত্তৰ লগতে বিবাহিত কন্যা জোঁৱাই , নাতি সহ বৃহৎ পৰিয়াল এৰি গৈছে।
শেৱালি দত্তৰ মৃত্যুত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিতাবৰ আঞ্চলিক সমিতি , কৃষক মুক্তি সংগ্ৰাম সমিতি,অসম গণ পৰিষদ, বীৰ লাচিত সেনা,ভাৰতীয় জনতা পাৰ্টী, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সন্থা,তিতাবৰ প্ৰেছ ক্লাব, অসম আন্দোলনৰ নিৰ্যাতিতা কর্মী মঞ্চ,আদি দল সংগঠনে শোক প্ৰকাশ কৰিছে।
Also Read: সাদিন- প্ৰতিদিন গোষ্ঠীৰ ‘দ্য কনক্লেভ ২০২৪’ৰ আজি দ্বিতীয় দিন
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us