তিতাবৰৰ সংবাদ জগতৰ বাটকটীয়া ৰাজেন শৰ্মা তামুলীৰ মৃত্যু

তিতাবৰৰ সংবাদ জগতৰ বাটকটীয়া ৰাজেন শৰ্মা তামুলীৰ মৃত্যু

author-image
Asomiya Pratidin
New Update
তিতাবৰৰ সংবাদ জগতৰ বাটকটীয়া ৰাজেন শৰ্মা তামুলীৰ মৃত্যু

ডিজিটেল সংবাদ,তিতাবৰ : তিতাবৰৰ সংবাদ মাধ্যমৰ বাটকটীয়া, যোৰহাট জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি, সমাজকৰ্মী ৰাজেন শৰ্মা তামুলীৰ বিয়োগ।বৃহস্পতিবাৰে পুৱতি নিশা যোৰহাটৰ এখন ব্যক্তিগত চিকিৎসালয়ত ৰাজেন শৰ্মা তামুলীৰ মৃত্যু হয়।

Advertisment

পুৱা নিজ বাসভৱন পৰা বিশিষ্ট সাংবাদিকগৰাকীৰ মৃতদেহ লৈ যোৱা হয় তিতাবৰ সাহিত্য সভা ভৱনলৈ। ইয়াৰ পাছতে তিতাবৰ ছাত্ৰ সন্থা কাৰ্যালয়ত শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হয়।

ইয়াৰ পাছত তিতাবৰ প্ৰেছ ক্লাৱৰ বাকৰিত বিশিষ্ট ব্যক্তি গৰাকীৰ মৃতাদেহত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু শুভাকাংক্ষীয়ে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৪ বছৰ। প্ৰয়াত তামুলীৰ মৃত্যুত তিতাবৰত শোকৰ ছাঁ পৰিছে ।

Also Read: সামাজিক মাধ্যমত ট্ৰ'লৰ সন্মুখীন যতীন বৰাৰ 'ৰাঘৱ' : আৰক্ষীৰ কাষ চাপিল প্ৰযোজকগৰাকী

titabar