/asomiyapratidin/media/media_files/2025/05/29/7hUHkxlaucTe4hPt9bIW.jpg)
ডিজিটেল সংবাদ তিতিবাৰঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে পাকিস্তানৰে সম্পৰ্ক ৰক্ষা কৰি অহাৰ অভিযোগ উত্থাপন কৰাৰ পিছতে বিষয়টোত লৈ বিতৰ্ক অব্যাহত আছে। তাৰ মাজতেই আজি সাংসদগৰাকীৰ নিজা সমষ্টিৰ অধীনস্থ তিতাবৰত একাংশ যুৱকে গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।
উল্লেখ্য যে গগৈৰ বিৰুদ্ধে পাকিস্তানৰে সম্পৰ্ক ৰক্ষাৰ অভিযোগ উত্থাপন হোৱাৰ পিছত তেওঁৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু দেশ প্ৰেমৰ প্ৰতিও বিৰোধী দল তথা একাংশই প্ৰশ্ন উত্থাপন কৰিছে। বৃহস্পতিবাৰে তিতাবৰ চাৰিআলিত সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ কৰা যুৱকসকলে তেওঁৰ প্ৰতিকৃতিও দাহ কৰে।
অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতিৰূপে দায়িত্ব গ্ৰহণৰ পাছতে গৌৰৱ গগৈয়ে পাকিস্তান ভ্ৰমণ সন্দৰ্ভত দিয়া প্ৰতিক্ৰিয়াৰ আঁত ধৰি তিতাবৰৰ এই যুৱকসকলে প্রতিবাদ সাব্যস্ত কৰি গৌৰৱ গগৈ হুচিয়াৰ, গৌৰৱ গগৈ মুর্দাবাদ আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীসকলে কয়, কি কাৰণত গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণ কৰিবলগীয়া হ'ল তাৰ উত্তৰ অসমবাসীক শীঘ্ৰে তেওঁ জনাব লাগে।
প্ৰতিবাদকাৰীয়ে লগতে কয় যে আমি সৰুৰে পৰা পাকিস্তান এখন শত্ৰুৰাষ্ট্ৰ বুলি জানি আহিছোঁ। আমাৰ দেশৰ প্ৰতি ষড়যন্ত্ৰ কৰি আহিছে, যুদ্ধ কৰিছে, ভাৰতীয়ক আক্ৰমণ কৰি আহিছে। আমাৰ দেশৰ নিৰীহ মানুহক হত্যা কৰিছে পাকিস্তান সমৰ্থিত উগ্ৰপন্থীয়ে। তেনে এখন ৰাষ্ট্ৰলৈ সাংসদ গৌৰৱ গগৈ কিয় যাবলগীয়া হ’ল? এই কথাক আমি গৰিহণা দিছোঁ।
সাংসদজনৰ বিৰুদ্ধে উত্থাপন হোৱা এই গুৰুতৰ অভিযোগৰ উত্তৰ দিবলৈ তেওঁ কিয় ইমানদিন লগালে বুলি উল্লেখ কৰি প্ৰতিবাদকাৰীসকলে লগতে কয় যে পাকিস্তানৰ সৈতে তেওঁৰ আৰু পৰিয়ালে ৰখা সংযোগৰ বিষয়ে, ফুৰিবলৈ যোৱাৰ বিষয়ে ক'বলৈ তেওঁ ইমান সময় লগোৱা কাৰ্যক আমি গৰিহণা দিছোঁ। মুখ্যমন্ত্ৰী আৰু ৰাইজে এই সন্দৰ্ভত বহুদিন সাংসদ গগৈক প্ৰশ্ন কৰি আহিছিল।
মঙলবাৰে তেওঁ দিয়া স্বীকাৰোক্তিৰ উপৰি তেওঁৰ পত্নীৰ পাকিস্তানৰ সৈতে সংযোগ থকা আৰু সন্তানৰ ভাৰতীয় নাগৰিকত্ব নাই বুলি পাকেপ্ৰকাৰে স্বীকাৰ কৰা কাৰ্যত আমি তিতাবৰৰ যুৱ সমাজ অতি লজ্জিত হৈছোঁ। পাকিস্তানৰ গ'লেহে তেওঁৰ অন্তৰ আত্মাই শান্তি পাই নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে। তেওঁলোকে কয়, তেওঁ কিয় পাকিস্তানলৈ গৈছিল তাৰ উত্তৰ স্পষ্টকৈ নিদিলে আমি আগন্তুক দিনত তেওঁৰ বিৰুদ্ধে আৰু তীব্ৰ আন্দোলন গঢ়ি তুলিম।