তিতাবৰত জিলা পৰ্যায়ৰ টাইকোৱাণ্ডো প্ৰতিযোগিতাৰ ব্যাপক প্ৰস্তুতি...

তিতাবৰত জিলা পৰ্যায়ৰ টাইকোৱাণ্ডো প্ৰতিযোগিতাৰ ব্যাপক প্ৰস্তুতি...

author-image
Asomiya Pratidin
New Update
তিতাবৰত জিলা পৰ্যায়ৰ টাইকোৱাণ্ডো প্ৰতিযোগিতাৰ ব্যাপক প্ৰস্তুতি...

তিতাবৰত জিলা পৰ্যায়ৰ টাইকোৱাণ্ডো প্ৰতিযোগিতাৰ ব্যাপক প্ৰস্তুতি...

ডিজিটেল সংবাদ তিতাবৰঃ তিতাবৰত ২৪ ডিচেম্বৰত অনুষ্ঠিত হ'বলগা জিলা পৰ্যায়ৰ টাইকোৱাণ্ডো প্ৰতিযোগিতাৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে। উল্লেখ্য যে, চেম্পিয়নছ টাইকোৱাণ্ডো একাডেমীৰ সৌজন্যত তিতাবৰ জিলা ক্ৰীড়া টাইকোৱাণ্ডো সন্থাৰ অন্তৰ্গত প্ৰথম বন্ধুত্বমূলক জিলা পৰ্যায়ৰ টাইকোৱাণ্ডো প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।

Advertisment

তিতাবৰৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ ডাঃ জীৱকান্ত শইকীয়া সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব এই জিলা পৰ্যায়ৰ প্ৰতিযোগিতাখন।ইতিমধ্যে বিভিন্ন অঞ্চলৰ কেইবা শতাধিক প্ৰতিযোগীয়ে পঞ্জীয়ন সম্পূৰ্ণ কৰিছে। আয়োজকসকলেও সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে।

পুৱা পতাকা উত্তোলন কাৰ্যসূচীৰ পিছতে কেইবাজনো সমাজ সংগঠক, ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে পুৱা ৯ বজাৰ লগে লগে প্ৰতিযোগিতা আৰম্ভ হ'ব বুলি জানিবলৈ দিছে আয়োজকসকলে।

Also Read: কলিয়াবৰত লুকুৱাই ৰখা অৱস্থাৰ পৰা চোৰাং কাঠ জব্দ...

তিতাবৰ টাইকোৱাণ্ডো