ক'ত হেৰাল জলসিঞ্চন বিভাগৰ কৰ্মচাৰী প্ৰদীপ শইকীয়া...

ক'ত হেৰাল জলসিঞ্চন বিভাগৰ কৰ্মচাৰী প্ৰদীপ শইকীয়া...
ক'ত হেৰাল জলসিঞ্চন বিভাগৰ কৰ্মচাৰী প্ৰদীপ শইকীয়া...

ডিজিটেল সংবাদ তিতাবৰঃ ক'ত হেৰাল জলসিঞ্চন বিভাগত কৰ্মৰত তিতাবৰ ডাংধৰাৰ প্ৰদীপ শইকীয়া ? চাৰিদিনে কোনো সন্ধান নোপোৱাত পৰিয়ালত মাজত সৃষ্টি হৈছে হাহাকাৰ।

তিতাবৰৰ ডাংধৰাত চাৰিদিনে সন্ধানহীন হৈ আছে জলসিঞ্চন বিভাগৰ কৰ্মচাৰী ৫৫ বৰ্ষীয় প্ৰদীপ শইকীয়া। এই ঘটনাই বৰ্তমান তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে তিতাবৰৰ ডাংধৰা অঞ্চলত।

শুকুৰবাৰৰ পুৱা ঘৰৰ পৰা ওলাই যোৱাৰ পাছতে সন্ধানহীন হৈ পৰে ব্যক্তিজন। বৰ্তমান প্ৰদীপ শইকীয়াক বিচাৰি হাহাকাৰ কৰিছে পৰিয়ালবৰ্গই। ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত মাধপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে পৰিয়ালে।

আৰক্ষীয়েও প্ৰদীপ শইকীয়াৰ সন্ধান উলিৱাৰ চেষ্টা অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত সক্ষম হোৱা নাই। ইফালে তেওঁ সন্ধানহীন হোৱাত ঘৰখনত এক শোকাকুল পৰিৱেশ সৃষ্টি হৈছে।

পত্নীৰ সৈতে তিতাবৰৰ ডাংধৰাত বসবাস কৰিছিল প্ৰদীপ শইকীয়াই। পুত্ৰই চাকৰিসূত্ৰে শিৱসাগৰত থাকে। দুগৰাকী জী বিবাহিত।

বৰ্তমান সকলোৱে প্ৰদীপ শইকীয়াক বিচাৰি হাহাকাৰ কৰিছে। অকস্মাত ক'ত সন্ধানহীন হৈ পৰিল প্ৰদীপ শইকীয়া? এই প্ৰশ্নই এতিয়া সকলোৰে মনত।

কোনো লোকে প্ৰদীপ শইকীয়াৰ সন্ধান পালে 9365560690 অথবা 8402906030 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালে।

ক'ত হেৰাল জলসিঞ্চন বিভাগৰ কৰ্মচাৰী প্ৰদীপ শইকীয়া...
মঙলদৈ গ্ৰন্থ মেলাৰ লাই খুঁটা স্থাপন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in