স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰাৰ পাছতো এখন দলঙৰ বাবে হাহাকাৰ ৰাইজৰ...

স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰাৰ পাছতো এখন দলঙৰ বাবে হাহাকাৰ ৰাইজৰ...

author-image
Asomiya Pratidin
New Update
স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰাৰ পাছতো এখন দলঙৰ বাবে হাহাকাৰ ৰাইজৰ...

স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰাৰ পাছতো এখন দলঙৰ বাবে হাহাকাৰ ৰাইজৰ...

ডিজিটেল সংবাদ তিতাবৰঃ স্বাধীনতাৰ ৭৫ বছৰ পাছটো উন্নয়নৰ পৰশ নপৰিল তিতাবৰ সমষ্টিৰ এটা অঞ্চলত। ইকৰাণী গাওঁ পঞ্চায়তৰ নাওঁপেটা কুমাৰভেটি অঞ্চলৰ ৰাইজে এতিয়াও আদিম যুগৰ দৰে বসবাস কৰিব লগা হৈছে।

Advertisment

অঞ্চলটোত নাই যাত্ৰায়তৰ সু-ব্যৱস্হা ।অঞ্চলটোৰ চেঙেলীজান নদীৰ ওপৰত আজিও এখন দলঙ নহ'ল। বাঁহৰ সাঁকুৰে বিপদসংকুল যাত্ৰায়ত কৰিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে ।

দলঙৰ দুৰৱস্হাৰ বাবে অঞ্চলটোলৈ নাহে এম্বুলেন্স।কণ কণ ছাত্ৰ-ছাত্ৰীৰ লগতে বয়োজ্যেষ্ঠ লোকসকল বাঁহৰ সাঁকুৰে যাত্ৰায়ত কৰোতে বহুটো সৰু বৰ দুৰ্ঘটনাত পতিত হ'বলগা হৈছে ।

দলংখন নোহোৱাৰ বাবে কুমাৰভেটি ৰাইজে যথেষ্ট সমস্যাৰ সন্মুখিন হ'ব লগা হৈছে। দীৰ্ঘদিনৰ পৰা অঞ্চলটোৰ ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে দলং নিৰ্মাণৰ বাবে বহু আবেদন নিবেদন কৰি আহিছে যদিও কোনো সুফল পোৱা নাই ।

জনপ্ৰতিনিধি বা সংশ্লিষ্ট বিভাগে অঞ্চলটোৰ উন্নয়নৰ ক্ষেত্ৰত কোনো গুৰুত্ব নাই।অঞ্চলটোৰ ৰাইজে চেঙেলীজান নদীৰ ওপৰত এখন দলং অতি শীঘ্ৰে নিৰ্মাণ কৰিবলৈ দাবী জনাইছে । অন্যথা আগন্তক নিৰ্বাচনত ভোট বৰ্জন কৰাৰ হুংকাৰ ৰাইজৰ।

Also Read: বৰহোলাৰ চাৰিআলি-নগাবাট সংযোগী পথৰ মাজত পুখুৰী !

তিতাবৰ