সৰুপথাৰ মহাবিদ্যালয়ত আৰম্ভ হ'ব চাহ খেতিৰ এবছৰীয়া চাৰ্টিফিকেট পাঠ্যক্ৰম...

সৰুপথাৰ মহাবিদ্যালয়ত আৰম্ভ হ'ব চাহ খেতিৰ এবছৰীয়া চাৰ্টিফিকেট পাঠ্যক্ৰম...

author-image
Asomiya Pratidin
New Update
সৰুপথাৰ মহাবিদ্যালয়ত আৰম্ভ হ'ব চাহ খেতিৰ এবছৰীয়া চাৰ্টিফিকেট পাঠ্যক্ৰম...

ডিজিটেল সংবাদ, যোৰহাটঃ চাহ খেতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ে গ্ৰহণ কৰা দীৰ্ঘদিনীয়া পদক্ষেপৰ অংশ হিচাপে মঙলবাৰে বিশ্ববিদ্যালয়ে সৰুপথাৰ মহাবিদ্যালয়ৰ সৈতে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। এই চুক্তিৰ জৰিয়তে সৰুপথাৰ মহাবিদ্যালযয়ে আৰম্ভ কৰিবলৈ লোৱা " চাহ খেতিৰ এবছৰীয়া চাৰ্টিফিকেট পাঠ্যক্ৰম' ত অসম কৃষি বিশ্ববিদ্যালয়ে প্ৰয়োজনীয় দিহা পৰামৰ্শ আগবঢ়াব।

Advertisment

অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞানগুৰুৰ কাৰ্যালয়ত অনুষ্ঠিত এই চুক্তি স্বাক্ষৰ অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ হৈ কৃষি বিজ্ঞানগুৰু ড: প্ৰসন্ন কুমাৰ পাঠক আৰু সৰুপথাৰ মহাবিদ্যালয়ৰ হৈ অধ্যক্ষা ড: প্ৰাপ্তি ঠাকুৰে এই চুক্তিত স্বাক্ষৰ কৰে । এই চুক্তিৰ জৰিয়তে মহাবিদ্যালয়‌ পৰ্যায়ৰ শিক্ষাৰ্থী সকলক চাহ কৃষিকাৰ্য আৰু ইয়াৰ লগত জড়িত প্ৰযুক্তিৰ সৈতে পৰিচিত হৈ ভৱিষ্যতে চাহ উদ্যোগৰ সৈতে জড়িত হ'ব পাৰিব।

অনুষ্ঠানত বক্তব্যত কৃষি বিজ্ঞানগুৰু ড: পাঠকে এই এবছৰীয়া পাঠ্যক্ৰমত অসম কৃষি বিশ্ববিদ্যালয়ৰ মুক্ত আৰু দূৰ শিক্ষা সঞ্চালকালয় পাঠ্যক্ৰমৰ জৰিয়তেও তাত্বিক পাঠসমুহ গ্ৰহণ কৰিব পাৰিব বুলি উল্লেখ কৰে। এই অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড: ৰঞ্জিত কুমাৰ সাউদ, চাহ কৃষিকৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মুৰব্বী অধ্যাপক ড: মৃদুল ডেকা, জ্যেষ্ঠ অধ্যাপক-গৱেষক ড: ৰাণা প্ৰতাপ ভূঞা, সহকাৰী অধ্যাপিকা ড: অদিতি স্মিথ গগৈ ৰ লগতে সৰুপথাৰ মহাবিদ্যালয়ৰ কেইবাজনো অধ্যাপকে অংশগ্রহণ কৰে।

Also Read: মুছলপুৰত বাক্সা বিজেপিৰ ক'লা দিৱস পালন..

sarupathar college agriculture university