তিতাবৰত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ৭ দিনীয়া বিশেষ শিবিৰ শুভাৰম্ভ

এন এছ এছ গোট, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (DIET) যোৰহাট তিতাবৰৰ, উদ্যোগত আমগুৰীখাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত আজি ৭ দিনীয়া বিশেষ শিবিৰৰ শুভাৰম্ভ হয়।

author-image
Asomiya Pratidin
New Update
তিতাবৰত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ৭ দিনীয়া বিশেষ শিবিৰ শুভাৰম্ভ

ডিজিটেল সংবাদ বেকাজান: ৰাষ্ট্ৰীয় সেৱা আঁচনি (NSS) গোট, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (DIET) যোৰহাট তিতাবৰৰ, উদ্যোগত আমগুৰীখাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত আজি ৭ দিনীয়া বিশেষ শিবিৰৰ শুভাৰম্ভ হয়। “Youth for Vikshit Bharat @2047” ক মূল বিষয় হিচাপে লৈ অনুষ্ঠিত এই শিবিৰৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে তিতাবৰ সমজিলা আয়ুক্ত বিপান্সী দত্তয়ে অংশগ্ৰহণ কৰে। 

Advertisment

অনুষ্ঠানত মুখ্য অতিথিগৰাকীয়ে উদ্বোধণী ভাষণত সমাজ সচেতনতা, পৰিৱেশ সুৰক্ষা আৰু নিকাকৰণৰ প্ৰাসংগিকতা লৈ আলোচনাৰ লগতে এন এছ এছ স্বেচ্ছাসেৱকসকলক সমাজসেৱাত আগবাঢ়ি অহাৰ বাবে উৎসাহিত কৰে।এই বিশেষ অনুষ্ঠানত উপস্থিত থাকে ডা য়েট যোৰহাট তিতাবৰৰ অধ্যক্ষ অনন্ত গগৈ, বিএড সমন্বয়কৰ জ্যেষ্ঠ প্ৰবক্তা কৃষ্ণা দত্ত ডেকা, আমগুৰীখাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্রধান শিক্ষক পবিত্ৰ দত্ত আৰু বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি দিলীপ লেখক।

সভাখন সঞ্চালনা কৰে এন এছ এছৰ স্বেচ্ছাসেৱিকা হিমাদ্ৰী তনয়া মহন্তই। উদ্বোধনী অনুষ্ঠানৰ উদ্দেশ্য বাখ্যা কৰে এন এছ এছ গোটৰ কাৰ্যকৰী বিষয়া তথা ডাায়েট যোৰহাট তিতাবৰৰ প্ৰবক্তা সুমিত কুমাৰ থাপাই। 

অনুষ্ঠানৰ আৰম্ভণিত মনজিৎ চেতিয়াই গুৰু বন্দনা আগবঢ়ায়। মঞ্চত উপস্থিত অতিথিসকলক ফুলাম গামোছাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ভাষণৰ অন্তত এন এছ এছ লক্ষ্য গানত অংশগ্ৰহণ কৰি সকলো স্বেচ্ছাসেৱকে একতা আৰু প্ৰতিজ্ঞা প্ৰকাশ কৰে। অনুষ্ঠানৰ অন্তিম পৰ্যায়ত, মুখ্য অতিথিগৰাকীৰ হাতেৰে ফ'চদাৰী গাঁ‌ৱৰ নামঘৰৰ প্ৰাংগণত বৃক্ষৰোপণ কৰা হয়, যাৰ জৰিয়তে শিবিৰৰ প্ৰথম দিনৰ কাৰ্যসূচী সম্পন্ন হয়।

 

তিতাবৰ