মৰিয়নি মহাবিদ্যালয়ত চাহপাত প্ৰস্তুতৰ নতুন পাঠ্যক্ৰমঃ লাভাম্বিত হ'ব ক্ষুদ্ৰ চাহ খেতিয়ক...

মৰিয়নি মহাবিদ্যালয়ত চাহপাত প্ৰস্তুতৰ নতুন পাঠ্যক্ৰমঃ লাভাম্বিত হ'ব ক্ষুদ্ৰ চাহ খেতিয়ক...
মৰিয়নি মহাবিদ্যালয়ত চাহপাত প্ৰস্তুতৰ নতুন পাঠ্যক্ৰমঃ লাভাম্বিত হ'ব ক্ষুদ্ৰ চাহ খেতিয়ক...

ডিজিটেল সংবাদ মৰিয়নি: মৰিয়নি মহাবিদ্যালয়ৰ বিজ্ঞান শাখাত উদ্ভিদ বিজ্ঞান বিভাগৰ অধীনত চাহপাত তৈয়াৰী কৰণৰ ওপৰত ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ দ্বাৰা অনুমোদিত এটি নতুন ছয়মহীয়া পাঠ্যক্ৰম (Add-on Course) “স্পীচিয়েলিটি টি প্ৰ’চেচিং এণ্ড মেচিনেৰী মেনেজমেণ্ট”ৰ উদ্বোধনী সভাখন অনুষ্ঠিত হয় ৷ জ্যেষ্ঠ অধ্যাপক ড° ভাস্কৰ বুঢ়াগোহাঁয়ে পৰিচালনা কৰা সভাখনত আমন্ত্ৰিত অতিথি হিচাপে ইণ্ডিয়ান ইনষ্টিটিউত অৱ প্লেনটেশ্যন মেনেজমেণ্টৰ অধ্যাপক অংকুৰ গগৈ, সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ যোৰহাট জিলা সমিতিৰ সম্পাদক কৃষ্ণ প্ৰসাদ শৰ্মা আৰু স্থানীয় বিশিষ্ট ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ লগতে ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ৷

উক্ত সভাখনত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° হৰেণ গোৱালাই তেওঁৰ বক্তব্যত কয় যে, এই পাঠ্যক্ৰমটোৱে ছাত্ৰ-ছাত্ৰীৰ লগতে ক্ষুদ্ৰ চাহ উদ্যোগীসকলক বিশেষভাৱে সহায় কৰিব ৷ তাৰোপৰি ক’ৰ্চ ক’-অৰ্ডিনিটৰ তথা চাহ বিশেষজ্ঞ ড° ৰাজ কুমাৰ গোঁহাই বৰুৱাই পাঠ্যক্ৰমটোৰ বিষয়ে বিশেষভাৱে বিবৰি জনাই যে ছাত্ৰ-ছাত্ৰীসকলে এই পাঠ্যক্ৰমৰ যোগেদি নিয়োগৰ ক্ষেত্ৰখনৰ লগতে স্ব-নিয়োজনৰ যোগেদি লাভাম্বিত হ’ব।

ইয়াৰ উপৰিও ক্ষুদ্ৰ চাহ উদ্যোগীসকলে নিজৰ বাৰীৰ কেঁচা চাহপাতৰ পৰা ঘৰতে পকা চাহপাত উৎপাদন কৰি ব্যৱসায় কৰিব পাৰিব ৷ আমন্ত্ৰিত অতিথি অধ্যাপক অংকুৰ গগৈয়ে কয় যে, এই পাঠ্যক্ৰমৰ যোগেদি ছাত্ৰ-ছাত্ৰী আৰু খেতিয়কসকলে কাৰিকৰী দিশত লাভাম্বিত হ’ব ৷

কৃষ্ণ প্ৰসাদ শৰ্মাই মন্তব্য আগবঢ়াই যে, এই পাঠ্যক্ৰমৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ লগতে ক্ষুদ্ৰ চাহ উদ্যোগীসকল বিশেষভাৱে উৎসাহিত হ’ব ৷ উক্ত সভাত উপস্থিত থকা চাহ ফেক্টৰীৰ যন্ত্ৰপাতি তৈয়াৰ কৰোতা মনজিৎ সিং ভাট্ৰিয়ে এই ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে ৷

ইয়াৰ উপৰিও সভাখনত উপস্থিত থকা স্থানীয় সমাজকৰ্মী তথা ক্ষুদ্ৰ চাহ খেতিয়ক প্ৰফুল্ল বড়া, বিশিষ্ট ক্ষুদ্ৰ চাহ খেতিয়কসকল ক্ৰমে শিৱপ্ৰসাদ গগৈ, মৰিয়নি আঞ্চলিক সমিতিৰ সভাপতি বিশ্ব চেতিয়া, জিলা সমিতিৰ সদস্য প্ৰভাত গগৈয়ে এই পাঠ্যক্ৰমৰ যোগেদি ক্ষুদ্ৰ চাহ খেতিয়কসকল উন্নতমানদণ্ডৰ পকা চাহপাত তৈয়াৰ কৰাৰ ক্ষেত্ৰত সফল হ’ব বুলি মন্তব্য আগবঢ়ায় ৷

উল্লেখযোগ্য যে, উক্ত সভাত উপাধ্যক্ষ লাচিত গগৈ, উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা ববিতা ফুকন বৰা, অধ্যাপক ড° ৰুবুল শইকীয়া আৰু বিজ্ঞান শাখাৰ অধ্যাপকসকল ক্ৰমে ৰাজীৱলোচন দত্ত, হেমেন শইকীয়া, ড° সুৰজিৎ সেন, মণিদীপা দত্ত, জগত গগৈ, প্ৰাণপ্ৰিয় ৰাজখোৱা উপস্থিত থাকে।

মৰিয়নি মহাবিদ্যালয়ত চাহপাত প্ৰস্তুতৰ নতুন পাঠ্যক্ৰমঃ লাভাম্বিত হ'ব ক্ষুদ্ৰ চাহ খেতিয়ক...
ওদালগুৰিৰ হাবিত কাৰ এই অস্ত্ৰ ভাণ্ডাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in