উজনি মণ্ডলত নাজিৰা জিলা দল চেম্পিয়ন

উজনি মণ্ডলত নাজিৰা জিলা দল চেম্পিয়ন

author-image
Asomiya Pratidin
New Update
উজনি মণ্ডলত নাজিৰা জিলা দল চেম্পিয়ন

ডিজিটেল সংবাদ, যোৰহাট : অসম ক্ৰিকেট সন্থাৰ সহযোগত যোৰহাট ষ্টেডিয়ামত জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছে জে কে বৰুৱা ১৯ বছৰ অনূৰ্ধ্ব আন্তঃজিলা ক্ৰিকেট টুৰ্ণামেণ্ট। প্ৰতিযোগিতাখনত উজনি অসম মণ্ডলৰ দেওবাৰে সামৰণি পৰে।

Advertisment

লগতে আজি অনুষ্ঠিত চূড়ান্ত খেলখনত নাজিৰা জিলা দলে চাৰি উইকেটত জয়লাভ কৰি মণ্ডলটোৰ চেম্পিয়ন হৈছে। নাজিৰা আৰু নাহৰকটীয়া জিলা দলৰ মাজত অনুষ্ঠিত চূড়ান্ত খেলখনত নাহৰকটীয়া দলে প্ৰথমে বেটিং কৰি ৰোট্টিক চাৱাসিৰ ৫৬ আৰু দিপাংকৰ গগৈৰ ১৪ ৰাণৰ সহায়ত ৪৬.৪ অ’ভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১২৫ ৰাণ সংগ্ৰহ কৰে।

নাজিৰা দলৰ হৈ ৰহমত আলিয়ে ৩টা আৰু দীপক খাকলাৰীয়ে ২টা উইকেট লাভ কৰে। প্ৰত্যুত্তৰত নাজিৰা দলে মুজাকিৰ আহমেদৰ অপৰাজিত ৫৯ আৰু কৌশিক ৰঞ্জনৰ ২০ ৰাণৰ সহায়ত ৩৩ অ’ভাৰত হাতত চাৰিটা উইকেট থাকোতেই বিজয় সাব্যস্ত কৰাৰ লগতে গোৱালপাৰাত অনুষ্ঠিত হ’বলগা ছেমি ফাইনেল চুপাৰ লীগ খেলাৰ যোগ্যতা অৰ্জন কৰে ।

নাহৰকটীয়া দলৰ হৈ মনোজ চানুৱে ৩টা আৰু ৰোট্টিক চাৱাসিয়ে ২টা উইকেট লাভ কৰে। উল্লেখ্য যে, আজি খেলৰ অন্তত অনুষ্ঠিত বঁটা বিতৰণী সভাত চেম্পিয়ন দল নাজিৰা দলক বঁটা প্ৰদান কৰে জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰীয়ে আৰু বিজিত নাহৰকটীয়া দলক বঁটা প্ৰদান কৰে জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জুল খাউণ্ডে।

খেলখনত মেন অৱ দা মেচৰ সন্মান লাভ কৰে নাজিৰা দলৰ মুজাকিৰ আহমেদে আৰু এই বঁটা প্ৰদান কৰে জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতি ললিত বৰাই।

Also Read: প্ৰহসনত পৰিণত হোজাই জনস্বাস্থ্য কাৰিকৰী বিভাগ ! উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী ৰাইজৰ

nazira assam cricket association