ৰাষ্ট্ৰীয় সাঁতোৰত যোৰহাটৰ ৫ খেলুৱৈৰ সফলতা অৰ্জন

ৰাষ্ট্ৰীয় সাঁতোৰত যোৰহাটৰ ৫ খেলুৱৈৰ  সফলতা অৰ্জন

ডিজিটেল সংবাদ, যোৰহাট: লক্ষ্ণৌ আৰু পুনেত অনুষ্ঠিত ৫২ সংখ্যক কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ ৰাষ্ট্ৰীয় সাঁতোৰ ক্ৰীড়া প্ৰতিযোগিতাত যোৰহাটৰ খেলুৱৈয়ে লাভ কৰিছে সাফল্য। যোৰহাট ছুইমিং ছ'চাইটিৰ পৰা পাঁচগৰাকী খেলুৱৈয়ে গুৱাহাটী মণ্ডলক প্ৰতিনিধিত্ব কৰি আটাইকেইগৰাকী খেলুৱৈয়ে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

প্ৰতিযোগিতাখনত প্ৰতিনিধিত্ব কৰি পদক অৰ্জন কৰা খেলুৱৈ কেইজন ক্ৰমে নিবৃত্তি প্ৰিয়ম দত্তই ১০০ মিটাৰ ফ্ৰীষ্টাইলত সোণ, ৫০ মিটাৰ বাটাৰ ফ্লাইত ৰূপ, ৪x১০০ মিটাৰ ফ্ৰীষ্টাইল ৰীলেত সোণ আৰু ৪x১০০ মিটাৰ মেডলি ৰীলেত ৰূপৰ পদক। অন্বেষা খনিকৰে ৫০ মিটাৰ বাটাৰ ফ্লাইত সোণ, ১০০ মিটাৰ বাটাৰ ফ্লাইত ৰূপ, ৫০ মিটাৰ ফ্ৰীষ্টাইলত ৰূপ, ৪x১০০ মিটাৰ ফ্ৰীষ্টাইল ৰীলেত সোণ আৰু ৪x১০০ মিটাৰ মেডলি ৰীলেত ৰূপৰ পদক। ঋতৃষা শৰ্মাই ৫০ মিটাৰ ব্ৰেকষ্টোকত ব্ৰঞ্জ, ৪x১০০ ফ্ৰীষ্টাইল ৰীলেত সোণ আৰু ৪x১০০ মিটাৰ মেডলি ৰীলেত ৰূপৰ পদক। দৰ্শিতা লাহনে ৫০ মিটাৰ ব্ৰেকষ্টোকত ৰূপ, ৫০ মিটাৰ ফ্ৰীষ্টাইলত ব্ৰঞ্জ, ৪x১০০ মিটাৰ ফ্ৰীষ্টাইল ৰীলেত সোণ আৰু ৪x১০০ মিটাৰ মেডলি ৰীলেত ৰূপৰ পদক।

কিষাণু সাইলো তাঁতীয়ে ৫০ মিটাৰ ফ্ৰীষ্টাইলত সোণ আৰু ৮০০ মিটাৰ ফ্ৰীষ্টাইলত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ৰাষ্ট্ৰীয় পৰ্যায়ত যোৰহাট ছুইমিং ছ'চাইটিৰ খেলুৱৈয়ে এনেদৰে সফলতা অৰ্জন কৰি ছ'চাইটিৰ লগতে খেলুৱৈ সকলৰ নিজা শিক্ষানুষ্ঠানৰ সমূহলৈ গৌৰৱ কঢ়িয়াই অনাৰ উপৰিও আটাইকেইগৰাকী খেলুৱৈয়ে আগন্তুক ৰাষ্ট্ৰীয় স্কুল গেমছলৈ যোগ্যতা অৰ্জন কৰিছে বুলি যোৰহাট ছুইমিং ছ'চাইটিয়ে জনাইছে আৰু সমূহ খেলুৱৈকে ছ'চাইটিৰ সভাপতি-সম্পাদকে আন্তৰিক শুভেচ্ছা জনাইছে।

ৰাষ্ট্ৰীয় সাঁতোৰত যোৰহাটৰ ৫ খেলুৱৈৰ  সফলতা অৰ্জন
পুত্ৰৰ মৃত্যুৰ বাতৰি সহ্য কৰিব নোৱাৰি ইহ সংসাৰ ত্যাগ কৰিলে মাতৃয়ে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in