Advertisment

অসম কৃষি বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ৰাষ্ট্ৰীয় একতা শিবিৰৰ  সামৰণি

অসম কৃষি বিশ্ববিদ্যালয়ত সপ্তাহজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ৰাষ্ট্ৰীয় একতা শিবিৰ (এন আই চি) আজি মাধৱচন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত সামৰণি পৰে।

author-image
Asomiya Pratidin
New Update
অসম কৃষি বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ৰাষ্ট্ৰীয় একতা শিবিৰৰ  সামৰণি 

ডিজিটেল সংবাদ যোৰহাটঃ অসম কৃষি বিশ্ববিদ্যালয়ত সপ্তাহজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ৰাষ্ট্ৰীয় একতা শিবিৰ (এন আই চি) আজি সামৰণি পৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটস্থিত মূল চৌহদৰ মাধৱচন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত আয়োজিত শিবিৰৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ বৌদ্ধিক প্ৰমুখ শংকৰ দাসে অংশগ্ৰহণ কৰে।

Advertisment

সকলোকে আত্মিকভাবে ভাৰতীয় হ'বলৈ এনে শিবিৰে উদ্বুদ্ধ কৰে বুলি উল্লেখ কৰি ভাষণত কয় যে, বিনা সংগঠনৰ জৰিয়তে ৰাষ্ট্ৰ আগনাবাঢ়ে। সেয়ে ভাৰতীয় হিচাপে সামাজিক সামঞ্জস্য ৰক্ষা কৰি বিবিধতাৰ মাজত একতাৰ লগতে পৰিবেশ, পৰিবেশন  তথা সাংস্কৃতিক দৃষ্টিৰে আগবাঢ়িব লাগিব।

আমাৰ সংস্কৃতি বিশ্বক জোৰা লগোৱা সংস্কৃতি বুলি উল্লেখ কৰি প্ৰতিযোগিতাৰ পৰিবৰ্তে সমভাৱ ৰাখি ভাৰত আগবাঢ়িব বুলি উল্লেখ কৰে। শিবিৰৰ সাংগঠনিক সম্পাদক তথা ছাত্ৰ কল্যাণ সঞ্চালক ড০ বিনয় কুমাৰ মেধিয়ে বক্তব্য আগবঢ়োৱা অনুষ্ঠানটোত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমিত্ৰ পূজাৰীয়ে সমদৃষ্টি আৰু সমভাৱেৰে সৈতে নৱপ্ৰজন্মৰ চিন্তাধাৰা আগুৱাই যোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

তেওঁ ব্ৰেইন ড্ৰেইন বৰ্তমান সময়ত এক চিন্তাৰ কাৰণ বুলি প্ৰকাশ কৰি ধনী -দুখীয়া, উচ্চ -নীচ, ধৰ্ম, সম্প্ৰদায়, শৈক্ষিকস্থিতি আদিৰ উৰ্ধত আগবাঢ়ি লাগিব বুলি উল্লেখ কৰে। অনুষ্ঠানত ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনৰ এন এছ এছৰ আঞ্চলিক সঞ্চালকালয়ৰ সঞ্চালক জংজিলংয়ে অংশগ্ৰহণ কৰি এনে শিবিৰৰ ফলপ্ৰসূতাৰ ওপৰত আলোকপাত কৰে।

অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই সঞ্চালকৰ বক্তব্যত সুদীৰ্ঘ ২৬ বছৰৰ পাছত অসমত হোৱা সৰ্বভাৰতীয় পৰ্যায়ৰ এই শিবিৰে বিশ্ববিদ্যালয়ৰ পৰিয়ালক গৌৰৱান্বিত কৰা বুলি উল্লেখ কৰি ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ সম্পৰ্কত নিজৰ অনুভৱ ব্যক্ত কৰে। অনুষ্ঠানত শিবিৰ উপলক্ষে প্ৰকাশিত স্মৰণিকা উন্মোচন কৰাৰ লগতে প্ৰতিযোগিতাত স্থান প্ৰাপ্তসকলক পুৰস্কাৰ প্ৰদান কৰা হয়।

ৰংগোলী প্ৰতিযোগিতাত অন্ধ্ৰ প্ৰদেশ দলে প্ৰথম,অসম দলে দ্বিতীয় আৰু হাৰিয়ানা দলে তৃতীয় স্থান লাভ কৰে।পেইণ্টিং প্ৰতিযোগিতাত ঝাড়খণ্ডৰ শচীন কুমাৰে প্ৰথম, অসমৰ প্ৰাণজিৎ শইকীয়াই দ্বিতীয় আৰু হাৰিয়ানাৰ আৰতীয়ে তৃতীয় স্থান লাভ কৰে। বক্তৃতা প্ৰতিযোগিতাত অৰুণাচল প্ৰদেশৰ জাংলিন লাহৰাই প্ৰথম, হাৰিয়ানা কৃষলয় কুমাৰ ঝাই দ্বিতীয় আৰু তামিলনাডুৰ নন্দিনী প্ৰিয়দৰ্শিনীয়ে তৃতীয় স্থান লাভ কৰে।

অসম কৃষি বিশ্ববিদ্যালয়