বাণিজ্য শাখাত নন্দিতাৰ ষষ্ঠ স্থানঃ খবৰ পাই দৌৰি আহিল ঘৰে ঘৰে সামগ্ৰী বিক্ৰী কৰিব যোৱা পিতৃ

মঙলবাৰে ঘোষণা হোৱা উচ্চতৰ মাধ্যমিক পৰীক্ষাত যোৰহাট জিলালৈ সুনাম কঢ়িয়াই আনিলে নন্দিতা দাসে।

author-image
Asomiya Pratidin
New Update
বাণিজ্য শাখাত নন্দিতাৰ ষষ্ঠ স্থানঃ খবৰ পাই দৌৰি আহিল ঘৰে ঘৰে সামগ্ৰী বিক্ৰী কৰিব যোৱা পিতৃ

ডিজিটেল ডেস্কঃ মঙলবাৰে ঘোষণা হোৱা উচ্চতৰ মাধ্যমিক পৰীক্ষাত যোৰহাট জিলালৈ সুনাম কঢ়িয়াই আনিলে নন্দিতা দাসে। যোৰহাট চিকেবি কলেজৰ ছাত্ৰী নন্দিতাই বাণিজ্য শাখাত ৫০০ নম্বৰৰ ভিতৰত ৪৬৫ নম্বৰেৰে ষষ্ঠ স্থান লাভ কৰিবলৈ সক্ষম হয়।

Advertisment

বৰভেটা নাও শলীয়া গাঁৱত এটা কোঠা ভাড়াত লৈ থাকে নন্দিতাৰ পৰিয়ালৰ। নন্দিতাৰ পিতৃ ঘৰে ঘৰে সামগ্ৰী বিক্ৰী কৰে আৰু মাতৃয়ে ঘৰে ঘৰে কাম কৰে। অভাৱ- অনাটনৰ মাজেৰে ডাঙৰ-দীঘল হোৱা নন্দিতাই প্ৰমাণ কৰি দিলে যে একাগ্ৰতা আৰু অধ্যাৱসায় থাকিলে যিকোনো কামেই কৰিব পাৰি। নিজ লক্ষ্যত উপনীত হোৱাতো কঠিন নহয়। প্ৰয়োজন মাঁথো চেষ্টাৰ।

নন্দিতাই জনাই যে প্ৰতিদিনেই সন্ধিয়া আৰু নিশাৰ ভাগত তেওঁ পঢ়া-শুনা কৰিছিল। মাজে মাজে ভনীয়েককো পঢ়ুৱাইছিলো। তেওঁ আশা কৰা নাছিল যে স্থান লাভ কৰিব। ষষ্ঠ স্থান লাভে নন্দিতাক আচৰিত কৰি তুলিছে।একমাত্ৰ কন্যাৰ সাফল্যক লৈ সুখী পিতৃ মাতৃ। আজি নন্দিতাৰ খবৰ পাই সুখৰ চকুলো টুকিছে পিতৃ-মাতৃয়ে।

Also Read: উঃমাঃফলাফলঃ উত্তীৰ্ণৰ হাৰ নিম্নগামী, অনুতীৰ্ণ ৮৯,১৯০ গৰাকী

higher secondary result