/asomiyapratidin/media/media_files/2025/05/29/YCA0PimbIFZwLYyCSXLn.jpg)
ডিজিটেল সংবাদ বেকাজানঃ তিতাবৰ নামচুঙী সাধুগাঁৱৰ ভক্তপ্ৰাণ সমাজৰ একনিষ্ঠ সেৱকী তথা নামাচাৰ্য, লোকশিল্পী আনন্দ কলিতাৰ বুধবাৰে নিশা যোৰহাটৰ এখন ব্যক্তিগত নাৰ্চিংহোমত পৰলোকপ্ৰাপ্তি হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৫ বছৰ।
উল্লেখযোগ্য যে আকস্মিক শাৰীৰিক অসুস্থতাত ইহলীলা সম্বৰণ কৰা আনন্দ কলিতাই তিতাবৰ নামচুঙী সাধুগাঁৱৰ এক সাংস্কৃতিবান পৰিয়ালত জন্মগ্ৰহন কৰি শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ আদৰ্শ, সংস্কৃতি আৰু হৰিনামৰ ৰস বিলাই অসমীয়াৰ চহকী সংস্কৃতি সত্ৰ নামঘৰৰ লগতে গাঁৱৰ প্ৰতিটো ধৰ্মীয় অনুষ্ঠানত ওৰেটো জীৱন ভগৱত সাধনাত ব্ৰতী হৈ আধ্যাত্মিকতাৰে নৱপ্ৰজন্মক উদ্বুদ্ধ কৰি আহিছিল।
তেখেতৰ মহাপ্ৰস্থানত বিশেষকৈ সত্ৰীয়া সংস্কৃতি ক্ষেত্ৰখনৰ লগতে ভক্তপ্ৰাণ সমাজখনৰ বাবে এক অপূৰণীয় ক্ষতি হয়। আনন্দ কলিকতাই নামাচাৰ্য, নামতী, নামলগোৱা বিভূষণেৰে অসম নাম সমাৰোহৰ পৰা সন্মান লাভ কৰিছিল। নামাচাৰ্য আনন্দ কলিতাৰ মৃত্যুত সমগ্ৰ তিতাবৰত শোকৰ ছাঁ পৰিছে।