মৰিয়নিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।
মঙলবাৰে নিশা পত্নীৰ দা ঘাপত শিৰচ্ছেদ হ’ল স্বামীৰ।
মৰিয়নী শিলিখা চাহ বাগিচাৰ ১১নং লাইনত সংঘটিত হৈছে এই ঘটনা।
নিশা বাগিচাখনৰ সুৰজিৎ ৰবিদাস(৩২) নামৰ লোকজনক তেওঁৰ পত্নী লক্ষীমণি গঞ্জু ৰবিদাসে (২৬)ডিঙি কাটি হত্যা কৰে।
হত্যাকাণ্ড সংঘটিত কৰি পত্নী লক্ষীমণি আৰু মাতৃ অনিলা ৰবিদাসে মৰিয়নী আৰক্ষী থানাত আত্মসমৰ্পণ কৰে ৷
গৃহকন্দলৰ বাবে এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
স্বামীক হত্যা কৰি থানাত আত্মসমৰ্পণ কৰে মহিলাগৰাকীয়ে।