মৰিয়নিৰ ষ্টেট বেংকৰ সন্মুখত ডকাইতি কাণ্ড।
দুৰ্বৃত্তই এজন লোকৰ পৰা কাঢ়ি নিলে নগদ ২ লাখ টকা।
ৰে’ল কৰ্মচাৰী কাশীৰাম ৰাজবংশীৰ পৰা লুটি নিলে ধন।
ৰাজবংশীয়ে বেংকৰ পৰা উলিয়াই আনিছিল ধনখিনি।
চাইকেলৰ তলা খুলিবলৈ লোৱাৰ সময়তে দুৰ্বৃত্তই লৈ যায় টকাৰ বেগটো।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।