মৰিয়নিত স্থানীয় ৰাইজে জব্দ কৰে গাহৰিভৰ্ত্তি বাহনঃ কাণসাৰ নাই আৰক্ষীৰ

মৰিয়নিত স্থানীয় ৰাইজে জব্দ কৰে গাহৰিভৰ্ত্তি বাহনঃ কাণসাৰ নাই আৰক্ষীৰ

ডিজিটেল সংবাদ, মৰিয়নিঃ আমগুৰি-মৰিয়নী ধোদৰ আলিয়েদি নিতৌ নিশাৰভাগত সৰবৰাহ হৈ আহিছে বৰ্হিৰাজ্যৰ গাহৰি। কিন্তু মৰিয়নী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক বাৰে বাৰে খবৰ দিয়া পাছতো এগৰাকী আৰক্ষী বিষয়া তদন্তৰ বাবে নোযোৱা ঘটনাটোৱে মৰিয়নি আৰক্ষী আৰু বহিঃৰাজ্যৰ গাহৰি ব্যৱসায়ী মাজত থকা মিতিৰালি স্পষ্ট হৈ পৰিছে ৷

জানিব পৰা মতে আমগুৰিৰ জনৈক দিপাংকৰ ভূঞা নামৰ এজন ব্যক্তিয়ে কোনো নথিপত্ৰ অবিহনে দৈনিক নাগালেণ্ডলৈ সৰবৰাহ কৰি আহিছে বহিঃৰাজ্যৰ গাহৰিসমূহ।বুধবাৰে নিশা তীব্ৰবেগী গাহৰিভৰ্ত্তি বাহন স্থানীয় ৰাইজে জদ্ধ কৰি মৰিয়নি আৰক্ষীক খবৰ দিয়ে।

কিন্তু খবৰ দিয়াৰ পিছতো গাহৰিভৰ্ত্তি বাহন জদ্ধ কৰিবলৈ ঘটনাস্থলীলৈ নাহিল মৰিয়নিৰ আৰক্ষী। পিচত গাহৰিভৰ্ত্তি বাহনখন ৰাইজৰ চকুত ধুলি দি পলাই যাবলৈ সক্ষম হয়। এই ঘটনাৰ পিচতে মৰিয়নিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে থলুৱা গাহৰি পালকক মাধমাৰ সুধাই শিৱসাগৰৰ আমগুৰিপৰা মৰিয়নি হৈ নাগালেণ্ডলৈ সৰবৰাহ হৈ আহিছে বহিৰাজ্যৰ গাহৰি।

মৰিয়নিত স্থানীয় ৰাইজে জব্দ কৰে গাহৰিভৰ্ত্তি বাহনঃ কাণসাৰ নাই আৰক্ষীৰ
দুলীয়াজানত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in