মৰিয়নিৰ সন্ধানহীন ছাত্ৰীৰ সংবাদ মাধ্যমলৈ ভিডিঅ' প্ৰেৰণ

মৰিয়নিৰ সন্ধানহীন হোৱা দুই ছাত্ৰীয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে ভিডিঅ’ ।

author-image
Asomiya Pratidin
New Update
মৰিয়নিৰ সন্ধানহীন ছাত্ৰীৰ সংবাদ মাধ্যমলৈ ভিডিঅ' প্ৰেৰণ

ডিজিটেল ডেস্কঃ মৰিয়নিৰ সন্ধানহীন হোৱা দুই ছাত্ৰীয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে ভিডিঅ’ । মুখ লজ্জাৰ ভয়তহে ঘৰৰ পৰা পলাই যোৱা বুলি প্ৰকাশ ছাত্ৰী দুগৰাকীৰ। ছাত্ৰী দুগৰাকীক প্ৰীতিশাৰ বায়েকে ভাবুকি আৰু মানসিক হেঁচা দিয়া বুলি মন্তব্য প্ৰকাশ কৰিছে প্ৰেৰণ কৰা ভিডিঅ'ত।

ঘৰৰ মানুহৰ সন্মুখত বয়ফ্ৰেণ্ডৰ লগত থকা কথা প্ৰকাশ পোৱাৰ ভয়ে খেদিছিল ছাত্ৰী দুগৰাকীক। সেই বিষয়ে আৰক্ষী আৰু সংবাদ মাধ্যমত কৈ দিব বুলি প্ৰীতিশাৰ বায়েক আৰু অভিদ্বীপ নামৰ এজন যুৱকে ভাবুকি দিয়া বুলি মন্তব্য কৰিছে।বদনাম হোৱাৰ ভয়তহে ঘৰৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ছাত্ৰী দুগৰাকীয়ে।

পলাই যোৱা ঘটনা পূৰ্বকল্পিত নহয় বুলি উল্লেখ অনুষ্কা আৰু গায়ত্ৰীৰ। ইফালে অনুস্কাৰ সৈতে স্থানীয় এজন যুৱকৰ কথোপকথৰ অডিঅ ভাইৰেল হৈছে যত ছাত্ৰী দুগৰাকীয়ে যোৰহাটৰ এটা লজত নিশা কটোৱাৰ কথা স্বীকাৰ কৰাৰ লগতে বৰ্তমান কলিকতাৰ ৱেষ্ট বেংগলত থকা বুলি জানিব পৰা গৈছে ।

উল্লেখ যে ১২ ফেব্ৰুৱাৰীৰ পৰা মৰিয়নিৰ নাগাজংকা কল্যাণপুৰৰ দুগৰাকী নাবালিকা অনুস্কা কোচ আৰু গায়ত্ৰী চুতীয়া সন্ধানহীন হৈ আছে। গায়ত্ৰী চুতীয়া এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী আছিল। ঘটনাৰ এসপ্তাহ হৈ যোৱাৰ পিছতো আজি পৰ্যন্ত ছাত্ৰী দুগৰাকীক উদ্ধাৰ কৰিব নোৱাৰাত প্ৰশ্ন উত্থাপন হৈছে।

Also Read: বটদ্ৰৱাত শিক্ষকে ছাত্ৰৰ যোগান ধৰে নকলঃ বহিষ্কৃত ছাত্ৰ...

missing case mariyani