মৰিয়নিত পথ দুৰ্ঘটনাঃ নিহত এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী...

ROAD ACCIDENT
ROAD ACCIDENT

ডিজিটেল সংবাদ, মৰিয়নিঃ মৰিয়নিৰ চেলেংহাটত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। চলন্ত বাইকৰপৰা লাইটপষ্টত উফৰি পৰিল এগৰাকী কিশোৰী। মৰিয়নিৰ চেলেংহাট আৰক্ষী চকীৰ অন্তৰ্গত গড়কোষত সোমবাৰে বিয়লি সংঘটিত দুৰ্ঘটনাটোত এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী থিতাতে নিহত হয়। নিহত ছাত্ৰীগৰাকী লাহিং শুকানজনীয়াৰ সুনন্দা বড়া বুলি জানিবপৰা গৈছে।

লাহিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত আছিল ছাত্ৰীগৰাকী। উল্লেখ্য যে গাভৰু পৰ্বতৰ লাহদৈগড় পথেদি এগৰাকী জেষ্ঠভাতৃৰ সৈতে ছাত্ৰীগৰাকীয়ে চেলেং অভিমুখে বাইকত আহি থাকোতে গাভৰু চাহ বাগিছাৰ সমীপৰ গড়কোষত নিয়ন্ত্ৰণ হেৰুৱা বাইকখনে প্ৰচণ্ড জোৰে এটা পথৰ স্প্ৰীডবেকাৰত খুন্দা মাৰে। ছাত্ৰীগৰাকী এটা ছিটিকি পৰাত ঘটনাস্থলীতে নিহত হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

ROAD ACCIDENT
হাইলাকান্দিত আৰক্ষীৰ এনকাউন্টাৰত নিহত এটা ডকাইত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in