/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/6ecdc5a3-10c7-4d68-a81c-c29434ac92db/32.jpg)
ডিজিটেল সংবাদ,মৰিয়নি : মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিচতে ৰাজ্যৰ ভিন্ন প্ৰান্তত সুদখোৰৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। কিন্ত এনে সময়তে মৰিয়নি আৰক্ষীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো যেন কেৰেপ নকৰাৰ অভিযোগ উঠিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/22f0e117-091a-44b2-ad02-0a200734c1d6/44254376_1cee_4b1f_b681_9f93d7bf1a96.jpg)
মৰিয়নি নগৰত থকা ঔম জুৱেলাৰী নামৰ এখন অলংকাৰ ব্যৱসায়ী প্ৰতিষ্ঠানৰ গৰাকী বিনয় বাৰ্মাই দীৰ্ঘদিন ধৰি সুদৰ ৰমৰমীয়া বেহা চলাই অহাৰ কথা পোহৰলৈ আহিছে। ধন ধাৰলৈ দিয়াৰ বিনিময়ত দকা-হকা দি সুদ আদায় কৰি আহিছে বিনয় বাৰ্মা নামৰ সুদখোৰটোৱে।
শেহতীয়াকৈ সুদ আদায় দি সৰ্বস্বান্ত হোৱা বিপুল কোঁৱৰ নামৰ এজন ব্যক্তিয়ে সুদখোৰ বিনয় বাৰ্মাৰ বিৰুদ্ধে মৰিয়নি থানাত এজাহাৰ দাখিল কৰা সত্বেও সুদখোৰৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহন নকৰাৰ অভিযোগ তুলিছে। আৰক্ষীয়ে এজাহাৰ দাখিল কৰা বিপুল কোঁৱৰক গোচৰ পঞ্জীভূক্ত কৰাৰ সলনি সুদখোৰৰ সৈতে বুজাবুজি কৰি সুদ আদায় দিবলৈহে পৰামৰ্শ আগবঢ়োৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
মন কৰিবলগীয়া যে, কিছুদিন পূৰ্বে এগৰাকী মহিলাই এজন সুদখোৰৰ বিৰুদ্ধে মৰিয়নি থানাত এজাহাৰ দাখিল কৰিছিল যদিও সুদখোৰৰ বিৰুদ্ধে ব্যৱস্থা নল'লে আৰক্ষীয়ে।সুদখোৰৰ সৈতে মৰিয়নিৰ আৰক্ষীৰ গোপন মিতিৰালি বিষয়টোৱে এতিয়া চৰ্চা লাভ কৰিছে।