তিতাবৰত মুখ্যমন্ত্ৰী বিশেষ অৰুণোদয় আঁচনি বিজেপিকৰণৰ বিৰুদ্ধে KMSS ৰ প্ৰতিবাদ

তিতাবৰত অৰুণোদয় আঁচনি পুনৰ নিৰীক্ষণ নামত দৰিদ্ৰ, যোগ্য হিতাধিকাৰীৰ নাম কৰ্তন কৰি কেৱল বিজেপি দলৰ সমৰ্থকনাম অন্তৰ্ভুক্ত কৰাক লৈ প্ৰতিবাদ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

author-image
Asomiya Pratidin
New Update
তিতাবৰত মুখ্যমন্ত্ৰী বিশেষ অৰুণোদয় আঁচনি বিজেপিকৰণৰ বিৰুদ্ধে KMSS ৰ প্ৰতিবাদ

ডিজিটেল সংবাদ বেকাজানঃ তিতাবৰ সমষ্টিত অৰুণোদয় আঁচনি পুনৰ নিৰীক্ষণ নামত দৰিদ্ৰ, যোগ্য হিতাধিকাৰীৰ নাম কৰ্তন কৰি কেৱল বিজেপি দলৰ সমৰ্থক আৰু সদস্যৰ নাম অন্তৰ্ভুক্ত কৰাক লৈ আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এক বিশাল প্ৰতিবাদী সমদল উলিয়াই খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় ঘেৰাও উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ কুমাৰ শইকীয়াৰ নেতৃত্বত শতাধিক মহিলাই হাতে হাতে বেনাৰ লৈ ষ্টেচন তিনি আলিৰ পৰা সমদল কৰি গৈ তিতাবৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যলয় ঘেৰাও কৰে। 

Advertisment

প্ৰতিবাদী কৃষক মুক্তি সদস্য আৰু অৰুণোদয় বঞ্চিত মহিলাসকলে হাতে হাতে প্লেকাৰ্ড লৈ অৰণোদয় আঁচনি বিজেপিকৰণ বন্ধ কৰক, ধৃতৰাষ্ট্ৰ বিডিঅৰ কাম নাই, অৰণোদয় আঁচনিত ৰাজনীতি নচলিব, ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে অৰুণোদয় আঁচনি পাবই লাগিবই খণ্ড উন্নয়ন কাৰ্যালয় উত্তাল কৰি তোলে। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচন ৰাজনৈতিক নেতাৰ ঘৰত প্ৰস্তত কৰাৰ অভিযোগ কৰিছে।

প্ৰকৃত যোগ্য হিতাধিকাৰীক বঞ্চিত কৰি কেৱল ৰাজনৈতিক স্বাৰ্থৰ বাবে একাংশ বিজেপি নেতাই কেৱল বিজেপিৰ কর্মীকহে অৰুণোদয় আঁচনি দিয়াৰ অভিযোগ তুলি প্ৰতিবাদীকাৰীসকলে নামকৰ্তন কৰা মহিলাসকলৰ অৰুণোদয় আঁচনিত পুনৰ অন্তৰ্ভুক্ত প্ৰতিশ্ৰুতি নিদিয়া পৰ্যন্ত উন্নয়ন খণ্ডৰ কাৰ্যালয় এৰি নোযোৱাৰ হুমকি দিয়ে। অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ নামত একাংশ বিজেপি নেতাই ধন সংগ্ৰহৰ বুলিও অভিযোগ উত্থাপন কৰে সংগঠটোৱে‌।

অৰুণোদয় আঁচনি হিতাধীকাৰী নিৰ্বাচনত ৰাজনৈতিক বৈষম্য বিৰোধিতা কৰি আজি প্ৰতিবাদী কাৰ্যসূচীৰ সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ কুমাৰ শইকীয়াই কয়, বিজেপি চৰকাৰৰ দিনত মানুহৰ মুখ বন্ধ কৰা মূল অস্ত্ৰপাত আছিল অৰণোদয় আঁচনি।আমি যেতিয়া বিজেপি চৰকাৰৰ ৰাস্তা ঘাট নিৰ্মাণ, স্মাৰ্ট মিটাৰ আৰু মূল্য বৃদ্ধিৰ বিৰুদ্ধে আন্দোলন কৰো তেতিয়াই বেছিভাগ মানুহক তেওঁলোকে ভয়-ভাবুকিৰে অৰুণোদয় কাটি দিম বুলি কয়।

এতিয়া অৰুণোদয় আঁচনি দিয়াৰ নামত ৰাজনীতি চলিছে। পূৰ্বৰ যিসকলে অৰুণোদয় লাভ কৰি আছিল তেওঁলোকে ধনী মানুহে পাইছে বুলি নথি পত্ৰ পুনৰ নিৰীক্ষণ নামত জিলা পৰ্যায়ত বিডিঅ, বিধায়ক,  সাংসদ জিলা পৰ্যায়ৰ মণিটৰিঙ সমিতি গঠন কৰিছে। সেই সমিতিয়ে আকৌ বুথ পৰ্যায়ত অৰুণোদয় আঁচনি হিতাধিকাৰীৰ চাৰিজনীয়া নিৰ্বাচন সমিতি গঠন কৰি দিছে। 

এতিয়া এই বুথ সমিতিয়ে গুৰু গোসাঁইৰ নামানি বিজেপিক ভোট নিদিয়া বুলি যধে মধে পৰিয়ালৰ নাম কৰ্তন কৰি চৰকাৰী আঁচনিখন সম্পূৰ্ণ বিজেপিকৰণ কৰি পেলাইছে। আনহাতে যিসকল বিজেপিৰ সমৰ্থক তেওঁলোকক আৰ চি চি গৃহ বা ধনীয়েই হওক একেঘৰতে দুটা তিনিটাকৈ অৰুণোদয় আঁচনিত নাম ভৰ্তি কৰোৱাইছে।

পৰিতাপৰ কথা যে তিতাবৰ সমষ্টিত অৰুণোদয় আঁচনিৰ পৰা শ শ মহিলাৰ নাম কৰ্তন কৰাৰ বাবে কংগ্ৰেছ দলৰ বিধায়কগৰাকীয়ে পুনৰ অতিৰিক্ত নাম দিব লগা হৈছে। উদাহৰণ স্বৰূপে তিতাবৰৰ ৰজাবাহৰ পঞ্চায়তৰ ২০৫ নং ৱাৰ্ডৰ এগৰাকী নেতাই তেওঁ দুৰ্নীতি আশ্ৰয় নোলোৱাৰ বাবেই তেওঁৰ চহী জালিয়াতি কৰিছে।

তেওঁ ইতিমধ্যে এই সন্দৰ্ভত লিখিত অভিযোগ দাখিল কৰিব লগা হৈছে। বিজেপিয়ে গাঁৱৰ অন্তিম ব্যক্তি পৰ্যন্ত ৰেচন কাৰ্ড প্ৰদান কৰা কথা কয় অথচ সেই ৰেচন কাৰ্ড থকাৰ পৰিয়ালক আকৌ অৰণোদয় আঁচনিৰ পৰা বঞ্চিত কৰিছে।

অৰুণোদয় আঁচনিত স্পষ্ট গাইড লাইন আছে যে বিধবা,  অবিবাহিত, বিকলাংগ আৰু দৰিদ্ৰ পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব কিন্তু বাস্তৱ ক্ষেত্ৰত দেখা গৈছে যে বিজেপি দলৰ সদস্যকে অৰুণোদয় দিয়া হৈছে। আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ স্পষ্ট কথা যে বঞ্চিত মহিলাক অৰুণোদয় আঁচনিত পুনৰ নাম অন্তৰ্ভুক্ত কৰা প্ৰতিশ্ৰুতি নিদিয়া পৰ্যন্ত এই ঠাই ত্যাগ নকৰো।

ইয়াৰ পিছতে তিতাবৰ উন্নয়ন খণ্ডৰ বিষয়াগৰাকীক এখন স্মাৰকপত্ৰ প্ৰদান কৰা হয়। প্ৰতিবাদী কাৰ্যসূচী অংশগ্ৰহণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া,  যোৰহাট জিলাৰ সাধাৰণ সম্পাদক তপন ফুকন, বৰুণ লাহন, উপ-সভাপতি অজয় লগুণ, সহকাৰী সম্পাদক ভৈৰৱ বৰা, সহসম্পাদিকা নিতু শইকীয়া, সাংগঠনিক সম্পাদক জয়ন্ত গগৈ, প্ৰচাৰ সম্পাদক চিন্ময় গগৈ, তিতাবৰ মহকুমাৰ উপ সভানেত্ৰী চম্পা বৰা, ছাত্ৰ মুক্তিৰ জিলা সভাপতি দেৱাশীষ শইকীয়া আদি বহুজন উপস্থিত থাকে।

কৃষক মুক্তি সংগ্ৰাম সমিতি অৰুণোদয় আঁচনি অৰুণোদয় তিতাবৰ