/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/cfc5339b-5288-4ec6-a147-4c33dd30bc7d/AP_FOR_WEB_jorhat.jpg)
ডিজিটেল ক্ৰীড়া সংবাদ,যোৰহাট : এজন খেলুৱৈয়ে খেলৰ আদিপাঠ আৰম্ভ হয় এখন খেলপথাৰৰ পৰা। সেয়ে খেল খেলিব পৰাকৈ খেলপথাৰখন উপযুক্ত হ'ব লাগিব। বৰ্তমান চৰকাৰে ক্ৰীড়াৰ উন্নতিৰ বাবে বিভিন্ন আঁচনি হাতত লৈছে,পৰিকল্পনা কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/ec3f2911-5547-46ad-9cfc-05c7f593cc3f/a082c06e_6d14_43e1_b1d6_1de65184e7d2.jpg)
যাতে অসমৰ খেলুৱৈসকল বিশ্বৰ সকলোবোৰ খেলৰ লগত ফেৰ মাৰিব পাৰে। সেই হেতুকে আগৰ তুলনাত বৰ্তমান অসমত চাৰিওফালৰ পৰা যথেষ্ট পৰিমাণে খেলুৱৈ সৃষ্টিয়ো হৈছে। এই ক্ষেত্ৰত যোৰহাটো পিছ পৰি ৰোৱা নাই।
যোৰহাটৰ পৰাও যথেষ্ট খেলুৱৈ সৃষ্টি হৈছে। এতিয়া কথা হ'ল এই খেলুৱৈ সৃষ্টি হ'লেই নহ'ব তেওঁলোকৰ উন্নত মানদণ্ডৰ বাবে অনুশীলনস্থলী লাগিব আৰু অতিকৈ প্ৰয়োজন হ'ল এডোখৰ অনুশীলনস্থলী তথা খেলপথাৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/876f6440-2a14-43d7-a335-718a6143c10c/20d53a6d_cd13_45ad_8666_cade869f8d4c.jpg)
সৰহসংখ্যক প্ৰতিভাৱান খেলুৱৈয়ে মাত্ৰ উপযুক্ত অনুশীলনৰ অভাৱত বা অনুশীলনস্থলী বাবে ঠাইৰ অভাৱ, প্ৰশিক্ষণৰ বাবে অভিজ্ঞ প্ৰশিক্ষকৰ অভাৱত তেনে বহু প্ৰতিভাৱান খেলুৱৈ কলিতে মৰহি গৈছে আৰু যাৰ বাবে খেলুৱৈসকলে অন্যান্য দেশৰ বা ৰাজ্যৰ খেলুৱৈ সকলৰ লগত ফেৰ মাৰিবলৈ সক্ষম নহয়।
দুখৰ বিষয় যোৰহাট জিলাৰ নগৰৰ মধ্যভাগতে থকা যোৰহাট ষ্টেডিয়ামখন এতিয়া খেলুৱৈসকলৰ বাবে এখন ষ্টেডিয়াম হৈ থকা নাই, ষ্টেডিয়ামখন এতিয়া এখন গৰুৰ চৰণীয়া পথাৰত পৰিণত হৈ পৰিছে। পোহৰ হোৱাৰ পৰা ৰাতিলৈকে ষ্টেডিয়ামলৈ প্ৰৱেশ কৰা সকলোবোৰ গেট মুকলি হৈ থাকে। ফলত যাৰ যেনেকৈ মন যায় তেনেকৈ আহি ষ্টেডিয়ামৰ ভিতৰত প্ৰৱেশ কৰে, খোজ কঢ়াই খোজ কাঢ়ে, দৌৰাই দৌৰে, খেলাই খেলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/ce65841c-bd54-4d22-b21d-0c01a897e172/efb321e5_9198_49b0_a0fb_7730be98cfe6.jpg)
মুঠতে যাৰ যি মন তেনেকৈয়ে ষ্টেডিয়ামত প্ৰৱেশ কৰে। তাত কাৰো কোনো আপত্তি নাই। চোৱা-চিতা কৰিবলৈ কোনো নাই। মুঠতে এখন মুকলি বজাৰ বুলিলেও বঢ়াই কোৱা নহ'ব বুলি একাংশ সচেতনলোকে আক্ষেপ প্ৰকাশ কৰে।
এনেদৰে যদি সকলো মুকলি হৈ থাকে তেন্তে অতি সোনকালেই ষ্টেডিয়ামখনৰ ভিতৰত কোনোবা দিনা অমংগলজনক ঘটনা সংঘটিত হোৱাৰ আশংকাই দেখা দিছে বুলি সচেতন লোকে মন্তব্য কৰে। ইমানেই নহয় বৰ্তমান যোৰহাট ষ্টেডিয়ামখনৰ ভিতৰত গৰু-ছাগলীৰ চৰণীয়া পথাৰলৈ পৰ্যবসিত হোৱা বুলি ক'লেও ভুল নহ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/c342e3e1-aebf-442f-a1af-e0656cd08ce8/d74a0174_d098_480e_b358_3a8c86c33695.jpg)
এনেবোৰ দিশৰ ফালে লক্ষ্য কৰিলে অনুমান হয় যে, যোৰহাট ষ্টেডিয়ামখন কোন দিশলৈ গতি কৰিছে ! ইফালে জানিব পৰামতে ক্ৰীড়া বিষয়া কাৰ্যালয়ত এইসমূহ কথা ক'লে ক্ৰীড়া বিষয়াই উত্তৰত কয়- 'ষ্টেডিয়ামৰ সকলো দায়িত্ব ক্ৰীড়া সঞ্চালকালৰ হাতত বা মন্ত্ৰীৰ হাতত, তেওঁলোকে জানে কি কৰিব, কি নকৰিব আমাৰ হাতত কৰিব পৰা অধিকাৰ একো নাই, আমি একো ক'ব বা কৰিব নোৱাৰো।'
উল্লেখ্য যে আগতে ষ্টেডিয়ামত প্ৰৱেশ কৰিবলৈ হ'লে প্ৰৱেশ পত্ৰ লাগিছিল। প্ৰৱেশ পত্ৰ নহ'লে ষ্টেডিয়ামখনৰ ভিতৰলৈ প্ৰৱেশ কৰিব নোৱাৰিছিল। কিন্তু, বৰ্তমান এখন ওলোটা ছবি।
ষ্টেডিয়ামখনৰ মাজত বৰ্তমান একাঠুঁ বোকা, গাঁতৰ লগতে এহাততকৈয়ো দীঘল ঘাঁহৰ ঘাঁহনিৰে চানি পৰিছে। যাৰ বাবে ক্ৰীড়াপ্ৰেমী আৰু ক্ৰীড়া সংগঠকসকল মৰ্মাহত হৈ সংবাদ মাধ্যমৰ আগত দুখ প্ৰকাশ কৰে। তেওঁলোকে উল্লেখ কৰে যে, ষ্টেডিয়ামখন উদ্ধাৰৰ বাবে কিবা এটা উপায় কৰক, নহ'লে ষ্টেডিয়ামখন ষ্টেডিয়াম হৈ নাথাকিব।
খেলৰ লগত জড়িত নোহোৱা বাহিৰৰ মানুহে মন যোৱা মতেই আহি ষ্টেডিয়ামৰ ভিতৰত প্ৰৱেশ কেনেকৈ কৰিব পৰা হ'ল ? বাহিৰৰ মানুহে খোজ কাঢ়িব, দৌৰিব, খেলিব, খেলি ঠাই নাইকীয়া কৰিব আৰু যিসকল প্ৰকৃততে খেলুৱৈ তেওঁলোকে অনুশীলন কৰিবলৈ ঠাই নাইকীয়া হয় তেনে এই খেলুৱৈ সকলে অনুশীলন কৰিব ক'ত বুলি সংশ্লিষ্ট বিভাগক প্ৰশ্ন কৰে।
ইয়াৰোপৰি দুখৰ বিষয় যে,প্ৰায়ে খেলুৱৈসকলৰ বেগৰ পৰা ম'বাইল ফোন, টকাৰ লগতে চাইকেল আদি দৈনিক চোৰ হ'বলৈ ধৰিছে। ইফালে সন্ধিয়া হোৱাৰ লগে-লগে ষ্টেডিয়ামখনৰ ভিতৰত উদ্ধাৰ হয় অসংযত অৱস্থাত থকা ল'ৰা-ছোৱালী আৰু মদ্যপান কৰা ব্যক্তি।
আনহাতে বুধবাৰৰ দিনা ষ্টেডিয়ামত চলি থকা কামৰ বাবে ৰ'ড আনি ৰখাই থোৱা টেইলৰ গাড়ী এখনৰ পৰা বেটাৰী এটাও চুৰি হোৱাৰ ঘটনা পোহৰলৈ আহিছে। যাৰ বাবে সমগ্ৰ পৰিৱেশটো ক্ৰমান্বয়ে বেয়াৰ পৰা অধিক বেয়াৰ ফালে গতি কৰিছে।
গতিকেএনেহোৰ দিশৰ ফালে লক্ষ্য কৰি যোৰহাটৰ যাতে মান-সন্মানত আঘাত নহয়,সেয়ে কিবা এটা অমঙ্গলজনক ঘটনা হোৱাৰ আগতেই বিভাগৰ লগতে প্ৰশাসনে অতি সোনকালেই ষ্টেডিয়ামখনৰ এনে বিষয়বোৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সচেতন মহলে দাবী জনায়।
ইফালে আটাইতকৈ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে শেহতীয়াকৈ 'যোৰহাট ষ্টেডিয়াম' বুলি লিখি ৰখা নামটোৱেই নাইকীয়া হৈ গ'ল। সেই নামৰ ওপৰত ৰং তেল সানি নাম-নিচান নাইকিয়া কৰি পেলোৱাৰ কাৰণটোহে নুবুজা সাঁথৰ হৈ আছে বুলি সচেতন ৰাইজে মন্তব্য কৰে।
Also Read: নগাঁৱৰ বিশিষ্ট সমাজকৰ্মী মুকুট ভূঞাৰ মৃত্যু: বিধায়ক ৰূপক শৰ্মাৰ শোক প্ৰকাশ